অসম

assam

ETV Bharat / state

শোণিতপুৰত ই ভি এম-ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন সম্পন্ন - ই ভি এম-ভি ভি পেট

শনিবাৰে শোণিতপুৰত সম্পন্ন কৰা হ'ল ই ভি এম-ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন সম্পন্ন কৰা হয় ।

শোণিতপুৰত সম্পন্ন কৰা হ'ল ই ভি এম-ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন
শোণিতপুৰত সম্পন্ন কৰা হ'ল ই ভি এম-ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন

By

Published : Mar 6, 2021, 8:23 PM IST

তেজপুৰ, ৬ মাৰ্চ: শোণিতপুৰত বিধানসভা নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া ই ভি এম-ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন সম্পন্ন কৰা হয় । জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে সকলো ই ভি এমৰ কন্ট্ৰল ইউনিট আৰু ভি ভি পেট মেচিন ই ভি এম মেনেজমেন্ট চিষ্টেম নামৰ চফ্টৱেৰৰ জৰিয়তে আবন্টন কৰা হয় ৷

শোণিতপুৰত সম্পন্ন কৰা হ'ল ই ভি এম-ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন

উল্লেখ্য যে, তেজপুৰ নিৰ্বাচনী জিলাৰ মুঠ ১৩২৪টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে এইবাৰ সৰ্বমুঠ ১৩২৪টা ই ভি এম-ভি ভি পেট মেচিনৰ লগতে জিলাখনৰ বাবে ২৭ শতাংশ বেলট ইউনিট, কন্ট্ৰল ইউনিট আৰু ভি ভি পেট মেচিন আছুতীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে ৷ এইবাৰ তেজপুৰ নিৰ্বাচনী জিলাত ১১১৮টা মূল ভোটগ্ৰহণ কেন্দ্ৰ আৰু ২০৬টা সহায়কাৰী ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ শনিবাৰে মুঠ ১৬৯৩টা এনে ই ভি এম-ভি ভি পেট মেচিন ৰেণ্ডমাইজেছন কৰা হয় ৷

প্ৰথম পৰ্যায়ৰ নিৰীক্ষণৰ পাছত ৰেণ্ডমাইজেছন প্ৰক্ৰিয়া সম্পন্ন কৰা হয় আৰু পৰ্যায়ক্ৰমে ভোটগ্ৰহণ, প'লিং কেন্দ্ৰৰ আবন্টনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেছন পুনৰ সম্পন্ন কৰা হ'ব ৷ শনিবাৰে সভাত জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া অন্তৰীপা দৈমাৰী, ডি.আই.অ' অনুপ বৰুৱা, জিলা কৃষি বিষয়া প্ৰকাশ বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা উপস্থিত থাকে ৷


লগতে পঢ়ক:পৰমানন্দৰ বিজেপিত যোগদান লৈ ক্ষোভিত বিজেপি কৰ্মী

ABOUT THE AUTHOR

...view details