ৰঙাপাৰা, 4 জানুৱাৰী:ভূমি মুক্ত কৰাৰ উদ্দেশ্যে সোমবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত দুখনকৈ জেচিবিৰ সহায়েৰে প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷ ইয়াৰ পূৰ্বেও প্ৰশাসনে ৰঙাপৰা-বালিপৰা সংযোগী পথৰ ওপৰত আৰু ৰেলৱে বিভাগৰ 74 নং লেভেল ক্ৰছিঙৰ ওপৰত ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি থকা উৰণীয়া সেঁতু নিৰ্মাণস্থলীত জিলা প্ৰশাসনে উচ্ছেদ চলাইছিল ৷
জানিব পৰা মতে ৰঙাপৰা-বালিপৰা সংযোগী পথটিৰ কাষেৰে যোৱা উপ পথটি ঠেক হোৱাৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ অহাৰ পৰিপ্ৰেক্ষিতত উপ পথটোত অনাগত দিনত যাতে যান-জঁটৰ সৃষ্টি নহয় সেই উদ্দেশ্যে পথটো বহলৈকে নিৰ্মাণ কৰাৰ বাবে সোমবাৰে প্ৰশাসনে পুনৰ উচ্ছেদ চলায় ৷