অসম

assam

ETV Bharat / state

ঢেকিয়াজুলিত উচ্ছেদ অভিযান; গৃহহীন 150 টা পৰিয়াল - Eviction drive in Assam

এইবাৰ ঢেকিয়াজুলিত বৃহৎ উচ্ছেদ অভিযান ৷ ৩ নং চিতলমাৰীত জিলা প্ৰশাসনৰ নিৰ্দেশত অলপতে জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷ বৰ্তমান এখন টিৰ্পালৰ তলতে নদীৰ পাৰত মুকলি আকাশৰ তলত দিশহাৰা হৈ জীৱ-জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰি আছে এইসকল দুৰ্ভগীয়া লোকে (Eviction drive at Dhekiajuli)৷

Eviction drive at Dhekiajuli
Eviction drive at Dhekiajuli

By

Published : Sep 22, 2022, 2:17 PM IST

Updated : Sep 22, 2022, 2:29 PM IST

ঢেকিয়াজুলি, 22 ছেপ্টেম্বৰ:ৰাজ্যত পুনৰ উচ্ছেদ অভিযান (Eviction drive in Assam) ৷ এইবাৰ ঢেকিয়াজুলিত বৃহৎ উচ্ছেদ অভিযান ৷ ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়াই সৰ্বস্বান্ত তথা গূহহীন কৰা ধিং আৰু লাহৰীঘাট সমষ্টিৰ হেজাৰ হেজাৰ পৰিয়ালৰ লোক অসমৰ বিভিন্ন স্থানলৈ ঢাপলি মেলিছিল । প্ৰায় ২০ বছৰ পুৰ্বে খহনীয়াগ্ৰস্ত প্ৰায় ১৫০ টা পৰিয়াল শোনিতপুৰ জিলাৰ ঢেকিয়াজুলি থানাৰ অন্তৰ্গত ৩ নং চিতলমাৰীত জুপুৰী সাজি কাম বন কৰি কোনোমতে জীবিকা নিৰ্বাহ কৰি আহিছিল (Eviction drive at Dhekiajuli)।

কিন্তু দুৰ্ভাগ্যই লগ নেৰা সেইসকল লোকৰ জীৱনলৈ আকৌ নামি আহিল ঘোৰ অমানিশা ৷ ৩ নং চিতলমাৰীত জিলা প্ৰশাসনৰ নিৰ্দেশত অলপতে জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷ বৰ্তমান এখন টিৰ্পালৰ তলতে নদীৰ পাৰত মুকলি আকাশৰ তলত দিশহাৰা হৈ জীৱ-জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰি আছে এইসকল দুৰ্ভগীয়া লোকে ৷

ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ মেহবুব মুক্তাৰে বুধবাৰে এই দুৰ্ভগীয়া পৰিয়াল কেইটাক সাক্ষাৎ কৰে ৷ মেহবুব মুক্তাৰক দেখিয়েই উচুপি উঠিল পৰিয়াল কেইটাৰ লোক ৷ তেঁওলোকে মাথো কান্দি কান্দি আমি ক’ত যাম, আমাৰ ল’ৰা ছোৱালী কেইটাৰ ভৱিষ্যৎ কি হ’ব বুলি প্ৰশ্ন সোধে ৷ আমাক কোনে ৰক্ষা কৰিব? কোনোমতে শাক-পাচলিৰ খেতি কৰি দুবেলা দুমুঠি খোৱা এইসকল লোকৰ অন্ধকাৰ ভৱিষ্যতৰ কথা ভাবিব কোনে ?

লগতে পঢ়ক:টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

Last Updated : Sep 22, 2022, 2:29 PM IST

ABOUT THE AUTHOR

...view details