চতিয়া,17 মে’:সোমবাৰে পুনৰ প্ৰশাসনৰ হাতুৰা পৰিল জামুগুৰিহাটৰ চৰ চাপৰি অঞ্চলত ৷ বিগত বৰ্ষত চৰকাৰী মাটি বেদখল কৰি বসবাস কৰা 5 শতাধিক সন্দেহজনক লোকৰ পৰিয়ালক প্ৰশাসনে চলাই উচ্ছেদ অভিযান ৷ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ চৰ চাপৰি অঞ্চলৰপৰা খেদি পঠোৱাৰ পিছত পুনৰ সেই উচ্ছেদিত লোকৰ একাংশই দীঘলীচাপৰি আৰু লালেটাপুৰ পূৰ্ৱৰ উচ্ছেদিত স্থানত বাসগৃহ সাঁজি বসবাস কৰিবলৈ লয় ৷
উল্লেখ্য যে, সংগোপনে সেই উচ্ছেদ কৰা লোকসকলৰ একাংশই আকৌ চৰকাৰী বেদখলমুক্ত কৰা ভূমিত কৃষিকাৰ্যও সম্পাদন কৰিছিল ৷ কিন্তু সোমবাৰে নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক চৰ-চাপৰি অঞ্চলত উপস্থিত হৈ প্ৰায় কুৰিৰো অধিক অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহ ভাঙি পেলোৱাৰ লগতে খেতি-বাতিও নষ্ট কৰি দিয়ে প্ৰশাসনে ৷