অসম

assam

By

Published : May 19, 2022, 9:00 PM IST

ETV Bharat / state

Assam flood Situation : ৰঙাপৰাৰ মোলানগাঁৱত জৰাসৰ নৈৰ প্ৰৱল গৰাখহনীয়া

ৰঙাপৰাত দ্ৰুত গতিত বৃদ্ধি পাইছে জৰাসৰ নৈৰ বাঢ়নী পানী ৷ জৰাসৰ নৈৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমি(Agriculture Land Erosion at Rangapara) ৷ বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

Erosion of jarasar river at Rangapara
Assam flood Situation : ৰঙাপৰাৰ মোলানগাঁৱত জৰাসৰ নৈৰ প্ৰৱল গৰাখহনীয়া

ৰঙাপৰা, 19 মে' :অসমত বাৰিষাৰ প্ৰথমটো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood situation grim in Assam)। আনহাতে ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে জৰাসৰ নৈৰ জলস্তৰ ৷ সেয়ে জৰাসৰ নৈয়ে এতিয়া বিপদ মাতিছে মোলানগাঁওবাসী ৰাইজলৈ । জৰাসৰ নৈৰ বাঢ়নী পানীয়ে চিন্তিত কৰি তুলিছে কৃষক ৰাইজক ।

ইতিমধ্যে, জৰাসৰ নৈৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমি (Agriculture Land Erosion at Rangapara) । কেৱল সেয়াই নহয় নেৰানেপেৰা বৰষুণৰ ফলত মোলানগাঁও-ফুলবাৰী সংযোগী পথৰ ওপৰত নতুনকৈ নিৰ্মীয়মান পকী দলংখনৰ দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি হৈছে ৷

Assam flood Situation : ৰঙাপৰাৰ মোলানগাঁৱত জৰাসৰ নৈৰ প্ৰৱল গৰাখহনীয়া

ইতিমধ্যে নেৰানেপেৰা বৰষুণৰ ফলত দলংখনৰ মাটি খহাই নিয়াত দ’ গাঁতৰ সৃষ্টি হৈছে । যাৰ ফলত সম্প্ৰতি ৰাইজৰ বাবে বিপদ মাতি আনিছে এই দলংখনে । আনহাতে, নৈখনৰ গৰাখহনীয়াই ইতিমধ্যে অঞ্চলটোত কালৰূপ ধাৰণ কৰিছে (Erosion of jarasar river at Rangapara)। লগতে জাহ গৈছে মূল্যবান গছ-গছনি । আনফালে ৰাজ্যৰ জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰে ৷

ইফালে, শীঘ্ৰেই দলংখনৰ চাৰিওফালে হোৱা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে যোগাযোগ বিছিন্ন হৈ পৰাৰো সম্ভৱনা প্ৰকট হৈ পৰিছে । বৰ্তমান স্থানীয় ৰাইজে দলংখনৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া: মানচিত্ৰৰ পৰা নিঃচিহ্ন হোৱাৰ পথত বৰপেটাৰ কেইবাখনো গাঁও

ABOUT THE AUTHOR

...view details