অসম

assam

ETV Bharat / state

ৰঙাপৰাত গাভৰু নদীৰ খহনীয়াত আতংকিত ৰাইজ - অৰুণাচল প্ৰদেশ

ৰঙাপৰাত গাভৰু নদীৰ খহনীয়াত আতংকিত স্থানীয় বাসিন্দা ৷ ৰাইজে নিৰ্মাণ কৰা বান্ধ খহনীয়াৰ কবলত ৷ প্ৰায় ৬০-৭০ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰা ৫০০ মিটাৰ দৈৰ্ঘ্যৰ বান্ধটোৰ আধা অংশ খহাই নিয়ে গাভৰু নদীৰ বাঢ়নী পানীয়ে ৷

ৰঙাপৰা
ৰঙাপৰাত গাভৰু নদীৰ খহনীয়াত আতংকিত স্থানীয় ৰাইজ

By

Published : Aug 3, 2020, 10:18 AM IST

ৰঙাপৰা, 3 আগষ্টঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নদীত অব্যাহত আছে তীব্ৰ গৰাখহনীয়া । খহনীয়া প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । ইতিমধ্যে নদীখনৰ বুকুত জাহ গ'ল কৃষক ৰাইজৰ কেইবা বিঘা কৃষিভূমি । ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠাকুৰবাৰী গাঁও পঞ্চায়ত এলেকাৰ ভেলুৱাটাৰ গাঁৱত নদীখনে কালৰূপ ধাৰণ কৰি আহিছে। চপৰা চপৰে খহিছে কৃষক ৰাইজে ৰোপণ কৰা ধানৰ সৈতে কৃষিভূমি ।

ৰঙাপৰাত গাভৰু নদীৰ খহনীয়াত আতংকিত স্থানীয় ৰাইজ

ইফালে নদীখনৰ পাৰত বানপানীৰ পৰা ৰক্ষা পাবলৈ স্থানীয় ৰাইজে প্ৰায় ৬০-৭০ হাজাৰ টকা ব্যয় কৰি নিৰ্মাণ কৰা ৫০০ মিটাৰ দৈৰ্ঘ্যৰ বান্ধটোৰ আধা অংশ নদীখনে খহনীয়াৰ সৃষ্টি কৰিছে । ইয়াকে লৈ নৈপৰীয়া ৰাইজ শংকিত পৰিছে । বান্ধটো ক্ষতি সাধন হোৱাৰ লগে লগে বৃহত্তৰ অঞ্চলটোত নদীখনৰ বাঢ়নি পানীয়ে প্লাৱিত কৰাৰ লগতে ৰাইজৰ সা-সম্পত্তি ক্ষতি সাধন হ'ব সেয়া নিশ্চিত । বিধায়ক বিহীন ৰঙাপৰা সমষ্টিখনত গাভৰু নদীখনে গৰাখহনীয়া সৃষ্টি কৰি অহাৰ পিচত প্ৰতিৰোধৰ ক্ষেত্ৰত কোনে পদক্ষেপ ল'ব বুলি স্থানীয় বাসিন্দাই প্ৰশ্ন উত্থাপন কৰাৰ লগতে ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে চকু মুদা কুলিৰ ধৰি অহাৰ অভিযোগ তুলিছে স্থানীয় বাসিন্দাই ।

উল্লেখ্য যে,ভেলুৱাটাৰ গাঁৱৰ কৃষক চাইফুল হুছেইনৰ ৬ বিঘা,আব্দুল চাহিদৰ ৯ বিঘা,আব্দুল হাচেমৰ ৬ বিঘা,আলি আকবৰৰ ১২ বিঘা,আব্দুল কাচেমৰ ৩ বিঘা, আলি আহমেদৰ ৪ বিঘাকে ধৰি কেইবাজনো কৃষকৰ কৃষিভূমি নদীখনৰ বুকুত জাহ গ'ল ।

লগতে চাওকঃ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্ষপূৰ্তি : নতুনত্বৰে ভৰা লাডাখ

ABOUT THE AUTHOR

...view details