অসম

assam

ETV Bharat / state

Takin in Tawang: টাৱাঙৰ ৰাজপথত বিৰল প্ৰজাতিৰ টেকিনৰ মুকলি বিচৰণ - টেকিন

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত এবিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ জন্তুৰ অৱস্থিতি লাভ কৰা হৈছে ৷ সচৰাতৰ ভাৰতত উপলব্ধ নহয় এইবিধ ছালগী আকৃতিৰ জন্তু ৷ এই সন্দৰ্ভত বন বিভাগে আৰম্ভ কৰিছে অনুসন্ধান ৷

Takin in Tawang
Takin in Tawang

By

Published : Aug 1, 2023, 4:32 PM IST

টাৱাঙৰ ৰাজপথত বিৰল প্ৰজাতিৰ টেকিনৰ মুকলি বিচৰণ

তেজপুৰ, 1 আগষ্ট: পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত ওলাইছে এবিধ দুষ্প্রাপ্য ছাগলী প্ৰজাতিৰ জন্তু টেকিন ৷ সচৰাচৰ তিব্বত আৰু চীন দেশৰ ছিচুয়ান, গানছু আৰু জিনজিয়াং প্ৰদেশৰ স্থানীয়ভাৱে পোৱা যায় এই জন্তু বিধ । পৌৰাণিক কালত প্ৰকৃতিক ইন্ধন যোগোৱা বুলি কোৱা এবিধ প্ৰাণী টেকিন (taxicolour)।

টাৱাং জিলাৰ স্থানীয় জনসাধাৰণৰ মাজত দেখা পোৱা এই জন্তুবিধ নোমাল সিং থকা প্ৰকাণ্ড আকৃতি ছাগলীৰ দৰে । যোৱা 22 আৰু 23 জুলাইত দুটা বিভিন্ন অঞ্চলত দেখা পোৱা গৈছে এই জন্তুবিধ । ৰাজপথত খোজ কাঢ়ি গৈ থাকোতে স্থানীয় ৰাইজে ফটো আৰু ভিডিঅ’ তুলিছে আৰু পৰৱৰ্তী সময়ত স্থানীয় বন বিভাগৰ লোকে জন্তুবিধ বিচৰা আৰম্ভ কৰিছে ।

টাৱাঙৰ বন বিষয়া তাগে হানিয়াই ইটিভি ভাৰতক জনায় যে এই ছাগলীৰ দৰে আকৃতিৰ জন্তুবিধ টাৱাং-চু নদীৰ পাৰত য়ুসোম গাঁৱৰ সমীপৰ আৰু পৰৱৰ্তী সময়ত লাও নামৰ অঞ্চলৰ ৰাজপথত স্থানীয় লোকে দেখা পাইছিল । স্থানীয় লোকৰ দ্বাৰা সংগ্ৰহ কৰা ফটো ভিডিঅ’সমূহৰ ওপৰত ভিত্তি কৰি বন বিভাগে জন্তুটোৰ অনুসন্ধান আৰম্ভ কৰে ।

এই প্ৰজাতিৰ ছিচুয়ান টেকিন বা তিব্বতী টেকিন (Budorcas taxicolor tibetana) হৈছে টাকিন (ছাগলী-এন্টেলপ)ৰ এটা উপপ্ৰজাতি । দুৰ্বল প্ৰজাতি হিচাবে তালিকাভুক্ত কৰা ছিচুয়ান টেকিন তিব্বত আৰু চীনৰ গণৰাজ্যৰ ছিচুয়ান, গানছু আৰু জিনজিয়াং প্ৰদেশৰ স্থানীয় জন্তু । ই প্ৰায় 5.5-7.5 ফুট দীঘলীয়া আৰু প্ৰায় 3.5-4.5 ফুট উচ্চতাৰ ভিতৰত পোৱা যায় ।

বিশেষকৈ ভূটান, চীন আৰু তিব্বত অঞ্চলত অৱস্থিত ই চাৰিটা প্ৰধান ভাগত বিভক্ত । ভূটান টেকিন, তিব্বত টেকিন, সোণালী টেকিন আৰু মিছিমি টেকিন । অৰুণাচল প্ৰদেশৰ পূব হিমালয়ৰ প্ৰান্তত য়িংকীয়ঙত 2009 চনত এই টেকিনৰ মিছিমি প্ৰজাতিৰ উদ্ভাৱন কৰিছিল আৰু ভাৰতবৰ্ষৰত প্ৰথম বাৰৰ বাবে দেখা পোৱা গৈছিল । ইয়াৰ পিচত পূব কামেং জিলাৰ চেপাত বন বিভাগৰ কেমেৰা ধৰা পৰিছিল আৰু তাৰ পিচত এইবাৰ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ টাৱাং -চু নদীৰ পাৰত আৰু লাও অঞ্চলত অৰ্থাৎ দুটা ঠাইত এই বৃহৎ আকাৰৰ প্ৰাণীবিধ পোৱা গৈছে ।

2009 চনৰ পিছত সুদীৰ্ঘ 13 বছৰ পিচত এই প্ৰাণীবিধ অৰুণাচল প্ৰদেশৰ ভাৰত-ভূটানৰ সীমান্তৱৰ্তী অঞ্চলত দেখা পোৱা গৈছে বুলি জানিব দিয়ে বন বিভাগৰ বিষয়া তাগে হানিয়াই । উল্লেখযোগ্য যে ভাৰতত এই প্ৰাণীৰ অৱস্থিতিৰ বিষয়ে পূৰ্বতে কোনো তথ্য উপলদ্ধ নহয় । তেওঁ জনোৱা মতে য়িংকীয়ঙত ভাৰত চীন সীমান্তত পোৱাৰ পিচত পূব কামেঙৰ চেপা আৰু বৰ্তমান টাৱাঙৰ য়ুসোম আৰু লাও অঞ্চলত মুকলিকৈ ৰাজপথত বিচৰণ কৰা এক আশ্চৰ্যকৰ বিষয় ।

বন বিষয়া তাগেয়ে জনায় যে তেওঁলোকে নিজাববীয়াকৈ এই প্ৰাণীৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ নকৰাৰ বাবে বিষয়টো উচ্চতম অধিকাৰী বা বন বিভাগৰ বিস্তৃত তথ্যৰ বাবে বৰ্তমান ব্যৱস্থা কৰা নাই । তেওঁ কয় যে ইতিমধ্যে বন বিভাগে গাঁৱৰ লোকৰ মাজত ইয়াৰ বিষয়ে সবিশেষ তথ্যৰ বাবে সজাগ কৰিছে কাৰণ পুনৰ দেখা পোৱাৰ অৱকাশ আছে আৰু তেতিয়া বন বিভাগে ড্ৰোণ আৰু অন্যান্য সঁজুলিৰ দ্বাৰা তথ্য সংগ্ৰহৰ বাবে অভিযান আৰম্ভ কৰিব বুলি জনায় ।

লগতে পঢ়ক:Tezpur University: তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি উপাদানৰ ওপৰত বিশ্লেষণ

ABOUT THE AUTHOR

...view details