অসম

assam

ETV Bharat / state

Food Poisoning : পৌৰ নিৰ্বাচনৰ খাদ্যই বিপদ মাতিলে নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীৰ

পৌৰসভা নিৰ্বাচনত নিয়োজিত কৰ্মচাৰী আৰু আৰক্ষী সকলৰ খাদ্যত বিষক্ৰিয়া ৷ নিৰ্বাচনৰ বাবে গন্তব্য স্থানলৈ যোৱাৰ পূৰ্বে গ্ৰহণ কৰা খাদ্যই বিপদ মাতিলে কৰ্মচাৰী সকললৈ(Elections Employee sick due to food poisoning) ৷

employee-sick-due-to-food-poisoning-at-election-center-in-sonitpur
পৌৰ নিৰ্বাচনৰ খাদ্যই বিপদ মাতিলে নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীৰ

By

Published : Mar 6, 2022, 10:37 PM IST

তেজপুৰ, ৬ মাৰ্চ : শোণিতপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগক দায়িত্ব দিয়া হৈছিল নিৰ্বাচনৰ খাদ্য যোগানৰ(Elections Employee sick due to food poisoning) ৷ কিন্তু শনিবাৰে বিভাগে যোগান ধৰা খাদ্য গ্ৰহণ কৰাৰ পিছতেই নিৰ্বাচনৰ দায়িত্বত নিয়োজিত ৯০% কৰ্মচাৰীয়েই ওৰেনিশাই পেটৰ অসুখত ভোগে(food poisoning in Sonitpur election center) ৷

পৌৰ নিৰ্বাচনৰ খাদ্যই বিপদ মাতিলে নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীৰ

কেৱল নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীয়েই নহয় নিৰাপত্তাৰ দায়িত্বত থকা সকলোৱে ভোগে পেটৰ অসুখত ৷ এই অভিযোগ লাভ কৰাৰ পিছতেই দেওবাৰে শোণিতপুৰৰ উপায়ুক্তই খাদ্য প্ৰস্তুত কৰা গৃহ পৰ্যবেক্ষণ কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ৷

পৌৰ নিৰ্বাচনৰ খাদ্যই বিপদ মাতিলে নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীৰ

কিন্তু খাদ্য আৰু অসামৰিক যোগান বিভাগে যোগান ধৰা এই খাদ্যত যে বিসংগতি আছিল সেই কথা কৰ্মচাৰীসকলে পেটৰ অসুখত ভোগাৰ পিছতে উৰহিৰ ওৰ ওলাই পৰে ৷ এইক্ষেত্ৰত এতিয়া শোণিতপুৰৰ উপায়ুক্তই জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিৰূদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় ৷

লগতে পঢ়ক :মাতৃৰ অবৰ্তমানত দ্বিতীয় গৰাকী মাতৃৰ সন্ধান পালে লুৰীণে

ABOUT THE AUTHOR

...view details