তেজপুৰ, 9 ফেব্ৰুৱাৰী :তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা মৃণালী চেতিয়াই বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে(Eminent educationist Mrinali Chetia passes away) ৷ তেজপুৰৰ নেমকেয়াৰ হাস্পতালত(Nemcare Hospital Tezpur) পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট শিক্ষাবিদগৰাকীৰ ৷ মৃণালী চেতিয়া সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি আছিল ।
প্ৰয়াত মৃণালী চেতিয়া তেজপুৰৰ বিভিন্ন সভা-সমিতিৰ লগতে সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল । তেওঁ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টাৰ লগতে তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা তথা লেখিকা সমাৰোহৰ প্ৰাক্তন সভাপতি আছিল(Eminent educationist Mrinali Chetia) ৷ শাৰিৰীক অসুস্থতাৰ বাবে বিগত 4 ফেব্ৰুৱাৰীৰ পৰা তেজপুৰৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল চেতিয়া ৷