ৰঙাপৰা, 20 জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত বান(Flood in Assam) আৰু গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি থকাৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিয়ালমাৰীত গাভৰু নৈত অব্যাহত আছে গৰাখহনীয়া । নৈখনে সৃষ্টি কৰা খহনীয়াত জাহ গ’ল বহুবিঘা কৃষিভূমি (Cultivation destroy in erosion at Rangapara)।
আনহাতে, গাভৰু নৈয়ে গাঁওখনত থকা মূল মথাউৰিটো সম্পূৰ্ণৰূপে খহাই নিয়াত(Embankment erosion at Rangapara) যাতায়তৰ মূলপথৰ লগতে নৈৰ বুকুত ইতিমধ্যে জাহ গৈছে বহু কৃষিভূমি ৷ কালৰূপ ধাৰণ কৰা নৈখনে 1 কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি চিঙি পেলোৱাৰ ফলত ৰঙাপৰা ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেলোৱাটাৰ গাঁৱত নৈখনে ব্যাপক গৰাখহনীয়া সৃষ্টি হৈছে ।
ইফালে, গাভৰু নৈৰ প্ৰৱল সোঁতে পথটিত খহনীয়াৰ সৃষ্টি কৰাৰ ফলত ভগ্ন অংশৰে পানী বাগৰিবলৈ ধৰাত সম্প্ৰতি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰঙাপৰাৰ ভেলোৱাটাৰ, পগলাবিল, ঘটোৱা, নতুন ঘটোৱাকে ধৰি কেইবাখনো গাঁও নৈখনৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাতো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ।