অসম

assam

By

Published : Jul 20, 2020, 7:23 PM IST

ETV Bharat / state

ৰঙাপৰাৰ তাৰাজুলিত বন্যহস্তীৰ তাণ্ডৱ

শোণিতপুৰৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত বনৰীয়া হাতীৰ উপদ্ৰৱ । নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে বহুকেইটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে ৷

elephant terror at Rangpara Sonitpur
ৰঙাপৰাৰ তাৰাজুলিত কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে

ৰঙাপৰা,20 জুলাইঃ ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ তাণ্ডৱ ৷ নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰি ৰাজেন্দ্ৰ দোগ্গাৰ,শামবেল লগুন,ৰোছান বাঘ,মাৰযুষ বাঘ,আলিয়মেদ আহমেদ,মিনতি মল্লিক আদি কৰি কেইবাজনো ব্যক্তিৰ বাসগৃহ ভঙাৰ লগতে ঘৰৰ সকলো সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে। লক্ষ্যণীয় কথাটো হ'ল,এই বাগিছাখনত বনৰীয়া হাতীয়ে বহু সময় ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷

ৰঙাপৰাৰ তাৰাজুলিত বন্যহস্তীৰ তাণ্ডৱ

পিছত ৰাইজে কোনোমতে হাতীকেইটা বাগিচাখনৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়। উল্লেখ্য যে বহুদিন ধৰি ৰঙাপৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বন বিভাগে হাতীকেইটা বনাঞ্চললৈ খেদি পঠিয়াবলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
লগতে পঢ়কঃ বঙাইগাঁৱৰ দুই জন্মান্ধ ভগ্নীৰ কৰুণ কাহিনী

For All Latest Updates

ABOUT THE AUTHOR

...view details