অসম

assam

ETV Bharat / state

ৰঙাপৰাত সমুখ সমৰত হাতী-মানুহ - ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি

সমুখ সমৰত বন্যহস্তী-মানুহ। শোণিতপুৰ জিলাৰ ৰঙাপৰাত বন্যহস্তীটোক খেদিবলৈ ওলাই আহিছে ৰাইজ। খাদ্যৰ সন্ধানত ওলাই অহা বৃহৎ হাতীৰ জাকৰ পৰা বিছিন্ন হৈ পৰে পোৱালীটো ৷ ৰাতিপুৱা বন্যহস্তীটোৱে পথাৰত থকা পকা ধান খাই তহিলং কৰা পাছতে এনেদৰে বন্যহস্তীটো খেদিবলৈ ওলায় আহিল স্থানীয় ৰাইজ ৷

elephant-terror-at-rangapara
ৰঙাপৰাত সমুখ সমৰত হাতী-মানুহ

By

Published : Nov 14, 2020, 9:42 PM IST

Updated : Nov 14, 2020, 10:08 PM IST

ৰঙাপৰা, 14 নৱেম্বৰঃ আগে আগে এটি বন্যহস্তীৰ পোৱালি পাছে পাছে এজাক মানুহ। কেতিয়াবা যদি মানুহে বন্যহস্তীৰ পোৱালীটোক খেদিছে আকৌ কেতিয়াবা বন্যহস্তীটোয়ে মানুহলৈ চোচা লৈছে। সমুখ সমৰত বন্যহস্তী-মানুহ। শোণিতপুৰ জিলাৰ ৰঙাপৰাত বন্যহস্তীটোক খেদিবলৈ ওলাই আহিছে ৰাইজ। খাদ্যৰ সন্ধানত ওলায় অহা বৃহৎ জাকৰ পৰা বিছিন্ন হৈ পৰে বন্যহস্তীৰ পোৱালীটো ৷ ৰাতিপুৱা বন্যহস্তীটোৱে পথাৰত থকা পকা ধান খায় তহিলং কৰা পাছতে এনেদৰে বন্যহস্তীটো খেদিবলৈ ওলাই আহিল স্থানীয় ৰাইজ ৷

ৰঙাপৰাত সমুখ সমৰত হাতী-মানুহ

ইপিনে বন্যহস্তী খেদিবলৈ ওলাই অহা ৰাইজক মাজে সময়ে উভতি ধৰে হাতীৰ পোৱালিটোৱে। আতচবাজী ফুটাই বন্যহস্তী খেদাৰ চেষ্টা চলাইছে বন বিভাগ আৰু ৰাইজে। কিন্তু মানুহলৈ চোচা লৈছে বন্যহস্তীয়ে। ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে হাতী-মানুহৰ সংঘাত । বহু সময় ধৰি চেচাঁ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা হাতীটোক পাছত খেতি পথাৰৰ পৰা চাহ বাগিচাৰ দিশে খেদি পঠিয়াবলৈ সক্ষম হয় বন বিভাগে।

উল্লেখযোগ্য যে, ৰঙাপৰাত বন্যহস্তী-মানুহৰ সংঘাতে এক জটিল ৰূপ ধাৰণ কৰি আহিছে। বনৰীয়া হাতীৰ উপদ্ৰৱৰ সমস্যাটো বন বিভাগে সমাধানৰ ব্যৱস্থা নকৰিলে ভবিষ্যতে বন্যহস্তী আৰু মানুহৰ সংঘাত বৃদ্ধি পাব সেয়া নিশ্চিত।

লগতে পঢ়কঃসাংবাদিক পৰাগ ভূঞাৰ হত্যা : নগাঁৱত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

Last Updated : Nov 14, 2020, 10:08 PM IST

ABOUT THE AUTHOR

...view details