ৰঙাপৰা,11 নৱেম্বৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ হাতীৰ উপদ্ৰৱত ত্ৰাহিমূসূধন সোঁৱৰিছে স্থানীয় ৰাইজে । একাংশ লোকে বননি ধ্বংস কৰাৰ ফলতেই খাদ্যৰ সন্ধানত জনৱসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে বনৰীয়া হাতীৰ জাক ৷ ৰঙাপৰাৰ চৌদিশে এতিয়া কেৱল হাতী আৰু হাতী | বেলি ডুবাৰ পিছতেই আৰম্ভ হয় বনৰীয়া হাতীৰ সন্ত্ৰাস। বনৰীয়া হাতীৰ উপদ্ৰৱক লৈ সংকিত হৈ পৰিছে স্থানীয় ৰাইজ । বুধবাৰে নিশা ৰঙাপৰা চাহ বাগিছাত দুটা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত আহি ৰঙাপৰাত প্ৰৱেশ কৰে ।
ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস - বনৰীয়া হাতীৰ সন্ত্ৰাস
হাতীৰ উপদ্ৰৱত ত্ৰাহিমূসূধন সোঁৱৰিছে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ স্থানীয় ৰাইজে ৷ খাদ্যৰ সন্ধানত জনৱসতিপূৰ্ণ অঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে ভাঙি পেলালে চাহ বাগিছাৰ ১ নং শ্ৰমিক লাইনৰ নিৱাসী কালিচৰণ ৰহি দাস, সহদেৱ ভাৱি দাস আৰু মনিলা মিৰ্ধাৰ বাসগৃহ ৷
বনৰীয়া হাতী দুটায়ে চাহ বাগিছাৰ ১নং শ্ৰমিক লাইনৰ নিৱাসী কালিচৰণ ৰহি দাস, সহদেৱ ভাৱি দাস আৰু মনিলা মিৰ্ধাৰ বাসগৃহ ভাঙি পেলাই । লগতে ৰাইজে মজুত কৰি ৰখা সুলভ মূল্যৰ চাউলো ভক্ষণ কৰে হাতীয়ে । বনৰীয়া হাতীৰ সন্ত্ৰাসে ৰাইজৰ নিন্দ্ৰা হৰণ কৰিছে । ইফালে পুৱতি নিশালৈকে হাতী দুটায়ে বাগিচাখনত সন্ত্ৰাসৰ সৃষ্টি কৰে । বাৰে বাৰে চৰকাৰ তথা বন বিভাগক ৰঙাপাৰা বাসীয়ে বিষয়তো অৱগত কৰিছে যদিও এতিয়ালৈকে কোনো স্থায়ী সমাধান নাই বিভাগীয় কৰ্তৃপক্ষৰ হাতত ৷ চৰকাৰ তথা প্ৰশাসনে উচিত পদক্ষেপ গ্ৰহণ নকৰিলে এই সংঘাতে এদিন ভয়ানক ৰূপ ধাৰণ কৰিব ৰঙাপৰাত ৷
লগতে পঢ়ক:আমগুৰিৰ নামতিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ