ৰঙাপাৰা,9নৱেম্বৰ:শোণিতপুৰত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ একাংশ লোকে বননি ধ্বংস কৰাৰ ফলতেই বন্যপ্ৰাণীবোৰে খাদ্যৰ সন্ধানত জনৱসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে । একেই পৰিৱেশ ৰঙাপাৰাতো ৷ ৰঙাপৰাৰ চৌদিশে এতিয়া বন্যহস্তীয়ে চলাইছে সন্ত্ৰাস । কি খেতি পথাৰ,কি ৰাজপথ সকলোতে কেৱল বনৰীয়া হাতীৰ জাক ৷ সমূখ সমৰত হস্তী-মানৱ,কেতিয়াবা যদি মানুহে প্ৰান হেৰুৱাইছে কেতিয়াবা আকৌ বন্যহস্তীৰ মৃত্যু হৈছে ৷ যাৰ ফলত হাতী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাইছে ৷
ৰঙাপৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত - দায়িত্বশীল বন বিষয়া
ৰঙাপৰাৰ চৌদিশে এতিয়া বন্যহস্তীয়ে চলাইছে সন্ত্ৰাস ৷ বননি ধ্বংস কৰাৰ ফলতেই বন্যপ্ৰাণীবোৰে খাদ্যৰ সন্ধানত জনৱসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি চলাইছে সন্ত্ৰাস ৷ চৰকাৰ তথা বন বিভাগক ৰঙাপাৰা বাসীয়ে বিষয়তো অৱগত কৰিছে যদিও স্থায়ী সমাধান নাই বিভাগীয় কৰ্তৃপক্ষৰ হাতত ৷
বাৰে বাৰে চৰকাৰ তথা বন বিভাগক ৰঙাপাৰা বাসীয়ে বিষয়তো অৱগত কৰিছে যদিও এতিয়ালৈকে কোনো স্থায়ী সমাধান নাই বিভাগীয় কৰ্তৃপক্ষৰ হাতত ৷ দুই এজন দায়িত্বশীল বন বিষয়া,কৰ্মচাৰী তথা প্ৰকৃতি প্ৰেমী সকলে অহৰহ চেষ্টা কৰিছে যদিও হাতী মানুহৰ সংঘাতক ৰোধ কৰিব পৰা নাই ৷ চৰকাৰ তথা প্ৰশাসনে উচিত পদক্ষেপ গ্ৰহণ নকৰিলে হাতী মানুহৰ সংঘাতে এদিন ভয়ানক ৰূপ ধাৰন কৰিব ৰঙাপাৰাত ৷ কিয়নো বন্যহস্তী আৰু মানুহৰ সংঘাতে এক জটিল সমস্যা ৰূপে থিয় দিছে ।
লগতে পঢ়ক:ডিমৌৰ মাজুমেলিয়াত আধাৰ কাৰ্ডত ব্যাপক দুৰ্নীতিঃ মহিলাক আটক