ৰঙাপৰা,11অক্টোবৰঃ শোণিতপুৰ জিলাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। অসম-অৰুণাচল সীমান্তৱৰ্তী তথা চাৰিদুৱাৰ আৰক্ষী চকীৰ অন্তৰ্গত তৰাজানত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। তৰাজান গাঁৱৰ এখন ধাননী পথাৰৰ মাজত উদ্ধাৰ হৈছে হাতীটোৰ মৃতদেহ । বন বিভাগৰ সূত্ৰ মতে, খাদ্যৰ সন্ধানত বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল বনৰীয়া হাতীটো।
চাৰিদুৱাৰৰ তৰাজানত বনৰীয়া হাতীৰ কৰুণ মৃত্যু
তৰাজানগাঁৱৰ এখন ধাননী পথাৰৰ মাজত উদ্ধাৰ হৈছে হাতীটোৰ মৃতদেহটো। বন বিভাগৰ সূত্ৰ মতে, খাদ্যৰ সন্ধানত বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল বনৰীয়া হাতীটো।
চাৰিদুৱাৰৰ তৰাজানত বনৰীয়া হাতীৰ কৰুণ মৃত্যু
অৱশ্যে হাতীটো কি কাৰণত মৃত্যু ঘটিল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । ইতিমধ্যে ঘটনাস্থলীত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লয়। বনৰীয়া হাতীটোৰ কৰুণ মৃত্যুত প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত শোকৰ ছাঁ পৰা দেখিবলা পোৱা গৈছে ।
লগতে পঢ়কঃ শনিবাৰে শুভমুক্তি দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"