ৰঙাপৰা, 1 অক্টোবৰ :ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Elephant menace in Assam)। ইয়াৰ মাজতে শনিবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত উদ্ধাৰ কৰা হয় এটা বনৰীয়া হাতীৰ পোৱালি (Elephant calf rescue at Dhendai Tea Estate) ।
তথ্য অনুসৰি, দিনৰ প্ৰায় 11 বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ধেন্দাই চাহ বাগিচাৰ 27 নং চেকচনৰ নলাৰ মাজত এটা হাতীৰ পোৱালিৰ আৰ্তনাদ শুনিবলৈ পাইছিল অঞ্চলটোৰ ৰাইজে ৷ হাতীৰ পোৱালিৰ আৰ্তনাদ শুনি উক্ত স্থানত ভিৰ কৰেহি অঞ্চলটোৰ ৰাইজে ৷ তাৰ পাচত একাংশ শ্ৰমিকে অঞ্চলটোৰ ৰাইজৰ সহযোগত নলাৰ পৰা উদ্ধাৰ কৰে হাতীৰ পোৱালিটোক ৷
ইফালে উক্ত ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষী তথা বন বিভাগৰ লোকক ৷
খবৰ পোৱাৰ মাত্ৰেই উক্ত স্থানত উপস্থিত হয় আমাৰবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকলৰ লগতে ৰঙাপৰা আৰক্ষী থানাৰ আৰক্ষী বিষয়া (Elephant calf rescue) ৷ আৰক্ষী তথা বন বিষয়াসকলে পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা হাতীৰ পোৱালিটোক মাকৰ সৈতে লগ কৰাই দিয়াৰ উদ্দেশ্যে তাৰাজুলি চাহ বাগিচাত (Dhendai Tea Estate at Rangapara) এৰি দিয়ে ৷ জানিব পৰা মতে, ৰঙাপৰাত উদ্ধাৰ হোৱা হাতীৰ পোৱালিটোৰ বয়স প্ৰায় 3 মাহ ৷