অসম

assam

ETV Bharat / state

নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উত্তপ্ত পৰিস্থিতি - পঞ্চায়ত নিৰ্বাচন

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনাৰ সৃষ্টি হৈছে । ঘটনাস্থলীত উপস্থিত অতিৰিক্ত আৰক্ষী বিষয়া, অৰুণাচল প্ৰদেশৰ মহা পৰিদৰ্শক চুকো আপা আৰু উপ মহা পৰিদৰ্শক ৷

Electoral situation in Changlang district of Arunachal Pradesh centered on elections
নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উত্তপ্ত পৰিস্থিতি

By

Published : Dec 11, 2020, 6:25 PM IST

Updated : Dec 11, 2020, 7:25 PM IST

তেজপুৰ, 11 ডিচেম্বৰ :অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনাৰ সৃষ্টি হৈছে । অতিৰিক্ত জিলা উপায়ুক্ত, ডাক ঘৰ, ষ্টেট বেংকৰ কাৰ্যালয় ভাঙি চূৰমাৰ কৰাৰ লগতে অগ্নি সংযোগ কৰে বুলি জানিব পৰা গৈছে ।

প্ৰায় 400 প্ৰতিবাদকাৰীয়ে হাতে হাতে লাঠী, ধনু কাঁড়, দা আদি লৈ প্ৰাক্তন অসম ৰাইফলছৰ লোকক পঞ্চায়তৰ আওতাত অনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

চাংলাং জিলাৰ দৃশ্য

প্ৰতিবাদ ইমানেই ভয়ংকৰ হয় যে, বিজয়নগৰ আৰক্ষী থানা আৰু বিমান বন্দৰৰ কিছু পৰিমানে ধ্বংস কৰে বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে । ইতিমধ্যে, অতিৰিক্ত আৰক্ষী বিষয়া, অৰুণাচল প্ৰদেশৰ আৰক্ষী মহা পৰিদৰ্শক চুকো আপা আৰু আৰক্ষী উপ মহা পৰিদৰ্শকৰ লগত বিজয়নগৰ হেলিপেদত হেলিকপ্টাৰ যোগে উপস্থিত হয় ।

নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উত্তপ্ত পৰিস্থিতি

ঘটনা সম্পৰ্কে অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ লগত যোগাযোগ কৰাত ঘটনা সন্দৰ্ভত বিতং ভাৱে জনোৱাৰ পৰা বিৰত থাকে । আনহাতে, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা কোনো তথ্য দিয়া নাই ।

লগতে পঢ়ক :টীয়ক আৰক্ষীৰ জালত পৰিল এটা গভাইত চোৰ

Last Updated : Dec 11, 2020, 7:25 PM IST

ABOUT THE AUTHOR

...view details