অসম

assam

ETV Bharat / state

উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ ১৮ খন সৈনিক স্কুলৰ অনুমোদন গৃহীত - ৰাজ্যসভাত অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নতুনকৈ ১৮ খন সৈনিক স্কুলৰ অনুমোদন গৃহীত ৷ ইয়াৰে ভিতৰত অসমত নতুনকৈ হ'ব ৪ খনকৈ সৈনিক স্কুল ৷ ৰাজ্যসভাত লিখিতভাৱে এই কথা উল্লেখ কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটৰ(Union minister of state for defence Ajay Bhatt) ৷

affiliated-sainik-schools-in-north-eastern-states
উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ ১৮ খন সৈনিক স্কুলৰ অনুমোদন গৃহীত

By

Published : Apr 4, 2022, 10:08 PM IST

Updated : Apr 6, 2022, 8:42 PM IST

তেজপুৰ, ৪ এপ্ৰিল : কেন্দ্ৰীয় চৰকাৰে দেশত ১০০ খন সৈনিক স্কুল স্থাপন কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে(New Sainik Schools set up in North-East) ৷ ইয়াৰে ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নতুনকৈ স্থাপন হ'ব ১৮ খনকৈ সৈনিক স্কুল ।

সোমবাৰে ৰাজ্যসভাত অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতাই সৈনিক স্কুলৰ সন্দৰ্ভত উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত লিখিতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নতুনকৈ ১৮ খন সৈনিক স্কুল স্থাপন আৰু গৃহীত হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী অজয় ভাটে (Union minister of state for defence Ajay Bhatt) ৷

তেওঁ কয় যে, এই সৈনিক স্কুলসমূহত সকলোধৰণৰ শৈক্ষিক কাৰিকুলাম, এন চি চি পাঠ্যক্ৰমকে ধৰি মূল্যৰ ভিত্তিত শিক্ষা প্ৰদান কৰা হ'ব । এই স্কুলসমূহ এন জি অ,/ব্যক্তিগত/ৰাজ্য চৰকাৰৰ তাৎপৰতাত চলিব যদিও কেন্দ্ৰীয় চৰকাৰৰ পৰা ছাত্ৰ-ছাত্ৰীক বছৰেকীয়া মাচুল ৫০% শতাংশ যোগ্যতাৰ ভিত্তিত অৰ্থাৎ বছৰি ৪০,০০০ হাজাৰ টকা আৰু উৰ্দ্ধতম শ্ৰেণীৰ বাবে পুনৰ যোগ্যতাৰ ভিত্তিত ৫০ শতাংশ শ্ৰেণীত উপস্থিত থকা ছাত্ৰ ছাত্ৰীৰ ৫০ গৰাকীক এই মাচুল বিদ্যালয়ৰ অনুমোদন সাপেক্ষে প্ৰদান কৰা হ'ব ৷

উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ ১৮ খন সৈনিক স্কুলৰ অনুমোদন গৃহীত

এই সকলোবোৰৰ ভিতৰত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে গৃহীত হোৱা Provisionally allotted quota of New Sainik School(s) হৈছে ১৮ খন ৷ তাৰ ভিতৰত অসমত ৪ খন, অৰুণাচল প্ৰদেশত ৩ খন, মণিপুৰত ২ খন, মেঘালয়ৰ বাবে ২ খন, মিজোৰামৰ বাবে ২ খন, নাগালেণ্ডত ২ খন, ত্ৰিপুৰাত ২ খন আৰু চিক্কিমত এখন নতুন সৈনিক স্কুল গৃহীত হোৱা বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :শীঘ্ৰেই অসমলৈ আহিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রী

Last Updated : Apr 6, 2022, 8:42 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details