অসম

assam

ETV Bharat / state

হাতত উদ্যত অস্ত্ৰ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত আঠ গৰাকী বিশেষ মহিলা - এশিঙীয়া গঁড়

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক লেখত ল’ব লগীয়া দিশ হৈছে বৰ্তমানৰ সুৰক্ষা ব্যৱস্থা । এই সুৰক্ষা ব্যৱস্থাৰ মূল কাৰণ হৈছে বৰ্তমান সংযুক্ত হোৱা নতুন সুৰক্ষা বাহিনী স্পেচিয়েল ৰাইনো প্ৰটেকশ্যন ফ’ৰ্চ । ৮ গৰাকী মহিলাই এই বাহিনীত আনিছে এক বিশেষ গুৰুত্ব ।

rhinos at kaziranga
rhinos at kaziranga

By

Published : Nov 12, 2020, 2:25 PM IST

Updated : Nov 12, 2020, 3:24 PM IST

তেজপুৰ, ১২ নৱেম্বৰ : ২০১৯ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দ্বিতীয় বন সুৰক্ষা বাহিনীৰ লগত সংযোগ কৰা হৈছিল নতুন সুৰক্ষা বাহিনী স্পেচিয়েল ৰাইনো প্ৰটেকশ্যন ফ’ৰ্চ ৷ প্ৰধান উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ কাৰ্যকলাপ বুজি পোৱা আৰু ইয়াৰ সুৰক্ষা প্ৰদান কৰা । এই বাহিনীত আৰম্ভণিতে 90 জন লোক আছিল যদিও পিছত একাংশ কৰ্মীয়ে পদত্যাগ কৰে ৷ বৰ্তমান 82 গৰাকী লোক আছে আৰু তাৰ ভিতৰত 8 গৰাকী মহিলা । মহিলা সকলে পুৰুষ কৰ্মীৰ সমানে উদ্যানত সুৰক্ষা প্ৰদান ৰ দায়িত্বত থাকে ।

হাতত উদ্যত অস্ত্ৰ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত আঠ গৰাকী বিশেষ মহিলা

অসম চৰকাৰে এই বাহিনীৰ দৰমহাৰ প্ৰদান কৰে আৰু এই টকা আহে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণৰ পৰা ৷ এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ তেজপুৰ ভোমোৰাগুৰি লৈ সম্প্ৰসাৰণ কৰাৰ বাবে এই বাহিনীৰ 4 গৰাকী মহিলা দ্বিতীয় বন সুৰক্ষা বাহিনীৰ লগত সংযুক্ত কৰা হৈছে । যদিও মহিলা সুৰক্ষা কৰ্মী তথাপি কোনো সংশয় নাই হাতত এচ এল আৰ ৰাইফল লৈ সম্পূৰ্ণ সাজু অটব্য অৰণ্যৰ মাজত লক্ষ মাত্ৰ চোৰাং চিকাৰী ৰোধ কৰিবলৈ ।

এই বাহিনীৰ প্ৰস্তুতি আৰম্ভ হৈছিল ২০১৫ চনত আৰু মকৰল হৈছিল ২০১৮ চনৰ জুন মাহত ৷ ইয়াৰ পিচত প্ৰশিক্ষণ দিয়া হৈছিল পূব অসমৰ মাকুমত ফৰেষ্ট গাৰ্ড স্কুল । তাৰ পিচত অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হৈছিল অসম আৰক্ষীৰ ৯ম বাহিনীৰ অধীনত নগাঁৱত । এই বাহিনীৰ ৬০ জন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰু বাকী বিশ্বনাথ ডিভিজন আৰু এতিয়া তেজপুৰত নিয়োগ কৰা হৈছে । ৰাষ্ট্ৰীয় উদ্যান খন পূৰ্বে ৪৩০ বৰ্গ কিলোমিটাৰ আছিল আৰু এতিয়া ৯১৫.৫০ বৰ্গ কিলোমিটাৰ হ’ল ৷ কাৰণ এই বৰ্ষত তিনিটা নতুন সংযোজন লগ লাগি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত । উল্লেখযোগ্য যে বৰ্তমান পূৰ্বৰ দৰে গঁড় হত্যাৰ যথেষ্ট পৰিমাণে কমি আহিছে ।

লগতে পঢ়ক :পাকিস্তানৰ শীৰ্ষ সন্ত্ৰাসবাদী হাফিজ চৈয়দৰ মুখপাত্ৰক 32 বৰ্ষৰ বাবে জেললৈ প্ৰেৰণ

Last Updated : Nov 12, 2020, 3:24 PM IST

ABOUT THE AUTHOR

...view details