অসম

assam

ETV Bharat / state

আঠ দুধৰ্ষ এন এছ চি এন সদস্যৰ আত্মসমৰ্পণ - Defence Spokesman Le Colonel S Walia

ডিমা হাছাও জিলাত আত্মসমৰ্পণ নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নগালেণ্ডৰ(NSCN IMK TU)আঠজনীয়া দলৰ। সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত সীমান্তৱৰ্তী অঞ্চলসমূহত চলা ব্যাপক অভিযানৰ ফলত এই সদস্যকেইজনে মূলসুঁতিলৈ ঘূৰি আহে বুলি সদৰী কৰিছে প্ৰতিৰক্ষা মুখপাত্ৰ লে কৰ্ণেল এছ ৱালিয়াই ।

NSCN IMK TU
আঠ দুধৰ্ষ এন এছ চি এন সদস্যৰ আত্মসমৰ্পণ

By

Published : Aug 20, 2022, 11:00 AM IST

তেজপুৰ,২০ আগষ্ট: উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী গোটৰ কাৰ্যকলাপ অব্য়াহত আছে । চৰকাৰৰ সৈতে কেইবাটাও উগ্ৰপন্থী গোটৰ আলোচনাৰ চৰ্চা চলি আছে যদিও এতিয়াও ফলপ্ৰসূ হোৱা নাই আলোচনা । উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী গোটৰ অন্য়তম হৈছে নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নগালেণ্ড(NSCN)। এই নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নগালেণ্ডৰ(NSCN IMK TU)আঠজনীয়া এটা দলে অসম ৰাইফলছৰ(Assam Rifles)হাফলং মহা পৰিদৰ্শকৰ ওচৰত আত্মসমৰ্পণ কৰিছে । এই বিষয়ে সদৰী কৰিছে প্ৰতিৰক্ষা মুখপাত্ৰ লে কৰ্ণেল এছ ৱালিয়াই ।

ডিমা হাছাও জিলাত আত্মসমৰ্পণ কৰা এই ৮জন সদস্যৰ ভিতৰত পাঁচজন এন এছ চি এনৰ আৰ্মী গোটৰ দুধৰ্ষ সদস্য়। আনহাতে,আন তিনিজন চিভিল উইঙৰ সদস্য বুলি সদৰী কৰিছে প্ৰতিৰক্ষা মুখপাত্ৰ লে কৰ্ণেল এছ ৱালিয়াই( Defence Spokesman Le Colonel S Walia)।

ইপিনে,বিগত সময়চোৱাত স্বাধীনতা দিৱসৰ প্ৰক্মুহূৰ্তত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত সীমান্তৱৰ্তী অঞ্চলসমূহত চলা ব্যাপক অভিযানৰ ফলত এই সদস্যকেইজনে মূলসুঁতিলৈ ঘূৰি আহে বুলি প্ৰতিৰক্ষা মুখপাত্ৰগৰাকীয় কয় । ইতিমধ্যে অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত চাংলাং জিলাত এন এছ চি এন আৰু আলফাৰ যুটীয়া অভিযানত সেনাৰ কেবাগৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছে । ইয়াৰ পিছতেই উক্ত দুৰ্গম পাহাৰীয়া অঞ্চলটোত অসম ৰাইফালছ আৰু সেনাৰ যুটীয়া অভিযান অব্যাহত আছে।

উল্লেখ্য় যে নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নগালেণ্ড(NSCN)হৈছে মুখ্যতঃ উত্তৰ-পূব ভাৰতত চলাই থকা এক নগা বিচ্ছিন্নতাবাদী গোট । এই গোটটোৱে উত্তৰ-পশ্চিম ম্যানমাৰৰ পৰাই(বাৰ্মা)কাৰ্যকলাপ চলাই আছে । বিগত সময়ত চলোৱা অভিযানৰ অসম ৰাইফালছৰ এই বিচ্ছিন্নতাবাদী গোটটোৱে কেইবাবাৰো ভয়াৱহ আক্ৰমণ চলাইছিল ।

লগতে পঢ়ক:ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ চাওক

For All Latest Updates

ABOUT THE AUTHOR

...view details