তেজপুৰ,২১ আগষ্ট:Environment Impect Assesment 2020 ৰ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত শুকুৰবাৰে শোণিতপুৰ জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেজপুৰ ট্ৰিবেণী চাৰি আলীত মানৱ শৃংখল উলিয়াই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ফলশ্ৰুতিত প্ৰায় ১ ঘণ্টা ধৰি তেজপুৰ চহৰত প্ৰৱেশ কৰা সকলো যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব বিচৰা নতুন উদ্যোগ নীতিৰ বাবে ক্ষোভিত হৈ পৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷
EIA আৰু CAA বাতিলৰ দাবীৰে শোণিতপুৰত মানৱ শৃংখল কাৰ্যসূচী - Environment Impect Assesment
প্ৰতিবাদকাৰীসকলে ৰাজপথত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে থলুৱাক মাত মতাৰ পৰা বঞ্চিত কৰি যি আইন প্ৰণয়ন কৰিবলৈ চেষ্টা কৰিছে এইয়া গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি বিশ্বজিৎ কলিতাই ৷
![EIA আৰু CAA বাতিলৰ দাবীৰে শোণিতপুৰত মানৱ শৃংখল কাৰ্যসূচী EIA and CAA protest at Sonitpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8503171-thumbnail-3x2-p.jpg)
EIA আৰু CAA বাতিলৰ দাবীত শোণিতপুৰত মানৱ শৃংখল কাৰ্যসূচী
লগতে পঢ়কঃঅৰুণাচলৰ চাংলাঙত এনএছচিএনৰ কেডাৰ আটক