অসম

assam

ETV Bharat / state

ভুৱা নথিৰে শিক্ষা বিভাগত নিযুক্তি লাভ কৰা বিষয়া-কৰ্মচাৰীলৈ সকীয়নি শিক্ষামন্ত্ৰীৰ

কেৱল টেট শিক্ষকেই নহয়, ভুৱা প্ৰমাণপত্ৰৰে শিক্ষা বিভাগত নিযুক্তি লাভ কৰা সকলো কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে । লগতে বিভাগটো দুৰ্নীতি মুক্ত কৰাৰ বাবে সকলো পদক্ষেপ লোৱা হ'ব । মঙলবাৰে এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

Ranoj Pegu
ভুৱা নথিৰে শিক্ষা বিভাগত নিযুক্তি লাভ কৰা বিষয়া-কৰ্মচাৰীলৈ সকীয়নি শিক্ষামন্ত্ৰীৰ

By

Published : Oct 5, 2021, 6:04 PM IST

তেজপুৰ, ৫ অক্টোবৰ : ভুৱা প্ৰমাণপত্ৰৰে শিক্ষা বিভাগত নিযুক্তি লাভ কৰা সকলো কৰ্মচাৰীকে পৰিণাম ভুগিবলৈ সাজু হৈ থাকিবলৈ একপ্ৰকাৰ সকীয়াই দিলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । মঙলবাৰে শোণিতপুৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত অংশ লোৱাৰ পাচত সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ভুৱা নিযুক্তি পত্ৰৰে চাকৰি লোৱা টেট শিক্ষকৰ উপৰিও বিভাগটোত নিয়োজিত আন দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ বিৰুদ্ধেও আৰম্ভ হ'ব অভিযান ।

ভুৱা নথিৰে শিক্ষা বিভাগত নিযুক্তি লাভ কৰা বিষয়া-কৰ্মচাৰীলৈ সকীয়নি শিক্ষামন্ত্ৰীৰ

বিভাগটোত দুৰ্নীতি মুক্ত কৰাৰ বাবে পদক্ষেপ ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ মন্তব্য কৰে । উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যত টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ভুৱা প্ৰমাণ পত্ৰৰে বহু লোকে শিক্ষকৰ চাকৰি লাভ কৰাৰ পিছত এতিয়া আটক হ'বলগীয়া হৈছে ।

শিক্ষা মন্ত্ৰী পেগুৱে কয় যে, নতুন SOP অনুসৰি শিক্ষানুষ্ঠানসমূহ খোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । ১৯ অক্টোবৰ পৰা একাদশ শ্ৰেণীৰ লগতে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহতো পাঠদানো আৰম্ভ হ'ব বুলি । সকলো উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰ কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে । আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে তেওঁ কয় যে, বিগত ৭০ বছৰত অসমে এগৰাকী দক্ষ মুখ্যমন্ত্ৰী লাভ কৰিছে ।

উল্লেখযোগ্য যে, মঙলবাৰে শোণিতপুৰৰ জিলা উপায়ুক্তৰ সভাকক্ষত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । বন অধিকাৰ আইন, ২০০৬ৰ অধীনত আৰম্ভ কৰা কামবোৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰা হয় এই সভাত । এই পৰ্যালোচনা সভাত খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদানৰ কাম ক্ষীপ্ৰতৰ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে উপায়ুক্তসকলক নিৰ্দেশ জাৰি কৰে । অনুষ্ঠানত গোলাঘাট, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ উপায়ুক্তৰ লগতে বন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:শক্তি বিভাগৰ বিৰুদ্ধে বিপজ্জনকভাৱে বিদ্যুৎ যোগান ধৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details