তেজপুৰ,০১ এপ্ৰিল:শোণিতপুৰ জিলাত মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকক আৰ্থিক দিশত সকাহ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ বাবে অসম চৰকাৰে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি শুকুৰবাৰে যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় (Free textbooks distribution) ৷
বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৰ উদ্যোগত বিদ্যালয়খনৰ ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ মুঠ ৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক শুকুৰবাৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় ৷ বিদ্যালয়খনৰ শিক্ষয়িত্ৰী নিংকুনিশা নেওগে আঁত ধৰা আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পংকজ কান্তি দেৱৰয়ে পৌৰোহিত্য কৰা বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানত প্ৰধান শিক্ষকে বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷