তেজপুৰ, 29 এপ্ৰিলঃলক্ ডাউনৰ ফলত একপ্ৰকাৰে স্থবিৰতা আহি পৰিছে দেশৰ অৰ্থনৈতিক উন্নয়নলৈ । ফলত ব্যৱসায়িক ক্ষেত্ৰখনে ক্ৰমান্বয়ে গতি কৰিছে মন্দাৱস্থাৰ দিশে । ইয়াৰ মাজতে আন এক সমস্যাই দেখা দিছে একাংশ ব্যৱসায়ীৰ মাজত । একাংশ ব্যৱসায়ীৰ মতে, লক্ ডাউনৰ ফলত বেংকত জমা দিয়া ধন আৰু পাবলৈ থকা ধনৰ ক্ষেত্ৰত যিটো ৰ'টেশ্যন হয় তাত ব্যাপক প্ৰভাৱ পৰিছে । কাৰণ গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত নাই ডিজিটেল পেমেণ্টৰ উপায় । যাৰ বাবে বৰ্তমান বাহিৰৰ পৰা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোক ।
অৰ্থনৈতিক অস্থিৰতাই প্ৰভাৱিত কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীক ? - ডিজিটেল পেমেণ্ট
বৰ্তামানো গাঁৱৰ বহু ব্য়ৱসায়ীৰ মাজত নাই ডিজিটেল পেমেণ্টৰ ব্যৱস্থা । যাৰ বাবে এই লক্ ডাউনৰ সময়চোৱাত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে এইসকল ব্যৱসায়ী ।
economical crisis among businessmans due to lockdown