তেজপুৰ,২৪ ছেপ্টেম্বৰ: দেশত স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়তে অসম চৰকাৰৰ সহযোগত ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে গুৱাহাটীত অনুষ্ঠিত কৰিব বিশাল এয়াৰ শ্ব'(Eastern Command massive air show on September 27) । ২৭ ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে পুৱা ১০:২৫ বজাৰ পৰা ১১:০০ বজালৈ লাচিত ঘাটত এই বিশাল এয়াৰ শ্ব' অনুষ্ঠানৰ আয়োজন কৰিছে ভাৰতীয় বায়ুসেনাই ।
ভাৰতীয় বায়ুসেনাৰ বিখ্যাত সূৰ্যকিৰণ এৰোবেটিক ডিছপ্লে SKAT নামেৰে জনাজাত(Surya Kiran Aerobatic Team), বিশ্বৰ কেইবাখনো বিশেষকৈ ৯ খন অত্যাধুনিক বিমানৰ এৰোবেটিক দলে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে এক আকৰ্ষণীয় এয়াৰ শ্ব’ অনুষ্ঠিত কৰিব । এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ মহেন্দ্ৰ ৰাৱতে ।