অসম

assam

ETV Bharat / state

নাগালেণ্ড-মণিপুৰৰ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত লেফটেনেণ্ট জেনেৰেল অনিল চৌহানৰ পৰ্যালোচনা - প্ৰতিৰক্ষা মুখপাত্ৰ পি খংছা

তিনি দিনীয়া ভ্ৰমণসূচীৰে নাগালেণ্ড আৰু মণিপুৰত উপস্থিত হৈ সুৰক্ষা ব্যৱস্থাৰ বুজ ল'লে সেনাৰ পূৱ কামাণ্ডৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে । সেনা আৰু আছাম ৰাইফলছৰ কাৰ্যালয় পৰিদৰ্শন কৰি তেওঁ জোৱানসকলৰ সৈতে আলোচনাত মিলিত হয় ।

EASTERN ARMY COMMANDER NAGALAND VISIT
নাগালেণ্ড,মণিপুৰৰ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত পৰ্যালোচনা লেফটেনেণ্ট জেনেৰেল অনিল চৌহানৰ

By

Published : Apr 29, 2021, 8:18 PM IST

তেজপুৰ, ২৯ এপ্ৰিল: বুধবাৰে প্ৰতিৰক্ষা মুখপাত্ৰ পি খুংছায়ে জনোৱা মতে, তিনি দিন ধৰি নাগালেণ্ড আৰু মণিপুৰত স্পেয়াৰ কৰ্পছ আৰু আছাম ৰাইফলছৰ কাম-কাজৰ বুজ লয় সেনাৰ পূৱ কামাণ্ডৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে ।

যোৱা ২৭ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ পি ভি এছ এম, ইউ ৱাই এছ এম, এ ভি এছ এম, এছ এম, ভি এছ এম সন্মানেৰে সন্মানিত লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে নাগালেণ্ড আৰু মণিপুৰৰ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত পৰ্যালোচনা কৰে ।

কামাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল জনছন পি মেথিউৱে তেওঁৰ কাৰ্যালয়তে কাৰ্যকৰী প্ৰস্তুতিৰ লগতে অসম, নাগালেণ্ড আৰু মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযানৰ বিষয়ে লেফটেনেণ্ট জেনেৰেল অনিল চৌহানক অৱগত কৰে । এই ভ্ৰমণকালত তেওঁক নগা শান্তি আলোচনা চুক্তিৰ অগ্ৰগতিৰ বিষয়েও অৱগত কৰা হয় ।

কামাণ্ডাৰগৰাকীয়ে নাগালেণ্ড আৰু মণিপুৰৰ স্পেয়াৰ কৰ্পছৰ বিভিন্ন সেনা আৰু আছাম ৰাইফলছৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । তেওঁ উত্তৰ-পূৱৰ অঞ্চলসমূহত নিয়োজিত জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু উগ্ৰপন্থী বিৰোধী অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰশংসা কৰে ।

লগতে পঢ়ক:মৃদুল ভূঞাৰ দেহাৱসান

ABOUT THE AUTHOR

...view details