তেজপুৰ, ২৩ অক্টোবৰ: ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ এয়াৰ অফিচাৰ ইন কামণ্ডিং ডি কে পাটনায়কে শনিবাৰে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন কৰে । ইয়াৰ পাচতে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বায়ুসেনাৰ এডভান্স লেংডিঙৰ লগত জড়িত বায়ুসেনাৰ বিষয়া সকলৰ লগত এক আলোচনা মিলিত হয় ৷
আলোচনা চক্ৰত পূৱ অৰুণাচল প্ৰদেশৰ পৰা অন্যান্য ঠাইলৈ সংযোগ স্থাপনৰ লগতে পাছিঘাটৰ গ্ৰাউণ্ডৰ পৰা অপাৰেচন কৰিব পৰা সম্ভাৱ্য দিশ সমূহৰ ওপৰত আলোচনা কৰা হয় ৷ কামাণ্ডাৰ গৰাকীৰ পাছিঘাট ভ্ৰমণৰ সন্দৰ্ভত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ শ্ৰীপ্ৰকাশ জেয়ে জনায় যে, ইতিমধ্যে এয়াৰ অফিচাৰ কামাণ্ডাৰ গৰাকীয়ে বায়ুসেনাৰ উন্নত প্ৰযুক্তিৰ কৌশল সমূহ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে ।