তেজপুৰ,৪ মে': 28 এপ্ৰিলৰ পুৱা ৭.৫১ বজাত অসমৰ শোণিতপুৰ জিলাৰ হুগ্ৰাজুলিৰ তৰাজান বঙালী গাঁওৰ অভিকেন্দ্ৰৰ স্থলৰ পৰা উৎপত্তি হোৱা ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰিবলৈ জিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ শ্বিলংৰ আঞ্চলিক কেন্দ্ৰৰ পৰা পাঁচটা পৃথক দল অসমৰ ভিন্ন ঠাইলৈ প্ৰেৰণ কৰিছে ৷ জিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই ভূ-তত্ববিড আৰু ভূমিকম্পৰ বিশেষজ্ঞৰ পাঁচটা পৃথক দল অসমৰ শোণিতপুৰ, ভৈৰৱ কুণ্ড, মৰিগাঁও, গুৱাহাটী আৰু নগাওঁলৈ প্ৰেৰণ কৰিছে আৰু জি এছ আই য়ে বৰ্তমানেও পৰীক্ষা চলাই আছে ।
ইণ্ডিয়ান-ইউৰোপিয়ান প্লেটৰ ঘর্ষণত ফলত সৃষ্টি হৈছিল ভূমিকম্পৰ
ভূমিকম্প বিজ্ঞানীৰ মতে ইণ্ডিয়ান প্লেট ইউৰোপৰ প্লেটৰ ঘর্ষণত উত্তৰ পূৰ্বাঞ্চলৰ শোণিতপুৰ জিলাৰ ভূমিকম্পৰ উৎপত্তি হয় ৷ উত্তৰ পূৰ্বাঞ্চল ভূমিকম্পৰ জন পঞ্চমত অৱস্থিত আৰু সেইবাবে ইয়াত সঘন ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷
মঙলবাৰে বিয়লি জিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ উপ সঞ্চালক তথা ভূমিকম্পৰ বিশেষজ্ঞ ড৹ সন্দ্বীপ কুমাৰ সুমে এক অনলাইন সংবাদমেলত কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অধিক ভূমিকম্প সম্ভাৱনা প্ৰৱন ৷ উত্তৰ পূৰ্বাঞ্চল ভূমিকম্পৰ জন পঞ্চমত অৱস্থিত আৰু সেইবাবে ইয়াত সঘনে ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷ ভূমিকম্প বিজ্ঞানীৰ মতে ইণ্ডিয়ান প্লেট ইউৰোপৰ প্লেটৰ ঘর্ষণত উত্তৰ পূৰ্বাঞ্চলৰ শোণিতপুৰ জিলাৰ ভূমিকম্পৰ উৎপত্তি হয় ৷ উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান একটিভ ফল্ট কঁপিলী আৰু অৰ্থকেথ ৰ উপৰিও য়ুমলা, নামূলা, চিয়াং আৰু কেনয়ন নামৰ আন চাৰিটা সক্ৰিয় ফল্ট আছে ৷ তেওঁ লগতে কয় গৰাখহনীয়াৰ দৰে ভূমিকম্পৰ আগজাননী দিয়াটো সহজ নহয় আৰু এইটো সম্ভৱ হৈ উঠা নাই ৷ উল্লেখ্য যে, দেশৰ প্ৰায় ১৫ জন সাংবাদিকে এই অনলাইন সংবাদমেলত অংশগ্ৰহণ কৰে । ইটিভি ভাৰতৰ হৈ এই সংবাদমেলত অংশগ্ৰহণ কৰে তেজপুৰৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসে ৷