অসম

assam

ETV Bharat / state

পুৱাই 3.4 প্ৰাৱল্যৰ ভূঁইকপে জোকাৰিলে ৰাজ্য - Biswanath earthquake

পুৱা 5.55 বজাত ৰাজ্যত ভূমিকম্পৰ জোকাৰণি ৷ বিশ্বনাথ জিলাৰ 20 কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল 3.4।

Earthquake in Tezpur
পুৱাই ভূঁইকপে জোকাৰিলে বিশ্বনাথ

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 9:23 AM IST

Updated : Dec 27, 2023, 9:32 AM IST

তেজপুৰ, 27 ডিচেম্বৰ: বুধবাৰে পুৱাই ৰাজ্যত এক ভূঁইকপৰ জোকাৰণি অনুভূত হয় । এই ভূমিকম্পই অসমৰ কেবাখনো জিলাত মৃদু প্ৰভাৱ পেলাইছে । গুৱাহাটীৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, পুৱা 5.55 বজাত বিশ্বনাথ জিলাৰ 20 কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল 3.4। জানিবলৈ পৰা মতে বৰ্তমানলৈকে এই জোকাৰণিৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই ৷

ইফালে, ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই (এনচিএছ) জনোৱা অনুসৰি 27 ডিচেম্বৰৰ পুৱতি নিশা অসমৰ তেজপুৰত ৰিখটাৰ স্কেলত 3.4 প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় ৷

আনহাতে যোৱা দেওবাৰ অৰ্থাৎ 24 ডিচেম্বৰত ৰাজ্যত ভূমিকম্প সংঘটিত হয় ৷ ধুবুৰী চহৰৰ পৰা 10 কিলোমিটাৰ নিলগত অভিকেন্দ্ৰ আছিল এই ভূমিকম্পৰ ৷ এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল 3.1 ৷

এই বৰ্ষৰ 9 জুনত শুকুৰবাৰে পুৱা 10.05 বজাত এক ভূঁইকপে সমগ্ৰ ৰাজ্যতে জোকাৰি যায় । বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে ৰিখটাৰ স্কেলত 3.7 প্ৰাবল্যৰ ভূঁইকপটোৰ উৎপত্তি স্থল আছিল শোণিতপুৰ জিলা । এই ভূঁইকপৰ জোকাৰণি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈকে অনুভূত হৈছিল । ভূগৰ্ভৰৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত এই ভূঁইকপৰ উৎপত্তি স্থল আছিল । অৱশ্যে এই ঘটনাত কোনো ক্ষয়-ক্ষতি হোৱা নাছিল ৷

উল্লেখ্য যে, ৰাজ্যখনত বিধ্বংসী ভূমিকম্প সংঘটিত হোৱা ইতিহাস আছে ৷ যাৰ ভিতৰত আছে 1950 চনৰ অসম-তিব্বত ভূমিকম্প, এই ভূমিকম্পক ৰাজ্যখনৰ ইতিহাসত সবাটোকৈ ডাঙৰ ভূমিকম্প বুলি কোৱা হয় ৷ এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল 8.6 ৷ এই বৰভূঁইকপত অসম আৰু চুবুৰীয়া অঞ্চলত প্ৰায় 4,000 লোকৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক:7.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ফিলিপাইনছক, ছুনামিৰ সতৰ্কতা জাৰি

Last Updated : Dec 27, 2023, 9:32 AM IST

ABOUT THE AUTHOR

...view details