অসম

assam

ETV Bharat / state

ভূমিকম্পৰ ফলত তেজপুৰত কেনে পৰিস্থিতি ? - earthquake in tezpur assam

২৮ এপ্ৰিলৰ পুৱাৰ ভূমিকম্পই অসম তথা উত্তৰ পূৰ্বাঞ্চলক দি গ'ল অসহনীয় সংকেত ৷ পুৱা 7.51 মিনিট অহা এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল চেকিয়াজুলিৰ ভূপৃষ্ঠৰ পৰা 10 কিলোমিটাৰ গভীৰতাত ৷ ইয়াৰ পাচতে সৰু-বৰ 10 টাকৈ ভূমিকম্পই কপাই গ'ল ৰাজ্যবাসীক ৷

10 টাকৈ ভূমিকম্পই কপাই গ'ল ৰাজ্যবাসীক
10 টাকৈ ভূমিকম্পই কপাই গ'ল ৰাজ্যবাসীক

By

Published : Apr 28, 2021, 10:17 PM IST

Updated : Apr 28, 2021, 11:00 PM IST

তেজপুৰ, ২৮ এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে পুৱাই অহা প্ৰৱল ভূমিকম্পই জোকাৰি যায় শোণিতপুৰ জিলাখনক । ৬.৭ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণিত জিলাখনৰ বিভিন্ন ঠাইত কম-বেছি পৰিমানে ক্ষয়-ক্ষতি হয় । ঢেকীয়াজুলিৰ সমীপৱৰ্তী তৰাজান বঙালী গাওঁ, পীৰাকটা, নাৰায়নপুৰ চাহ বাগিচা লা-বাৰী আৰু তেজপুৰৰ ঘগৰা অঞ্চলত ঠায়ে ঠায়ে পথাৰৰ মাটি ফাট মেলাৰ লগতে কিছু অঞ্চলত মাটি ফাটি ওলাই আহে বালি আৰু পানী ৷

তেজপুৰ চহৰৰ এল.বি.ৰোডৰ Banian Grove নামৰ এপাৰ্টমেণ্টৰ তিনিটা মহলাৰ দেৱালত ফাট মেলা, আইনা ভঙাৰ লগতে দেৱালৰ কিছু অংশ খহি পৰে । সেই একেদৰে তেজপুৰ চ’ক বজাৰস্থিত পৌৰ সভাৰ পুৰণা ভৱানটোৰ দেৱালত ফাট মেলাৰ লগতে কিছু অংশ খহি পৰে ৷

ভূমিকম্পৰ ফলত তেজপুৰত কেনে পৰিস্থিতি ?

ইফালে, গৰৈমাৰী, চান্দমাৰি লগতে তেজপুৰ চহৰখনৰ বিশাল মেগা মাৰ্ট, পেন্টালুন আদি মল সমূহতো বৃহৎ ফাট মেলা দেখা যায় । অৱশ্যে জিলাখনত এতিয়ালৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই ৷ উল্লেখ্য এই ভূমিকম্পৰ পাচতে সৰু-বৰ 10 টাকৈ জোকাৰণিয়ে কপাই যায় অসমবাসীক ৷ বিয়লি ৩.৫৫ বজাত ২.৯ প্ৰাৱল্যৰ জোকাৰণি পুনৰ অনুভূত হয় তেজপুৰত ৷ মন কৰিবলগীয়া যে, 1869, 1897, 1932, 1950, 1988 চনৰ পাচতে ৬.৭ প্ৰাৱল্য এই ভূমিকম্প হৈছে ইতিহাসৰ পাতত লিপিবদ্ধ হোৱা আন এক বৃহৎ প্ৰাৱল্যৰ ভূমিকম্প ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড:জুইত জাহ লক্ষাধিক টকাৰ সা-সম্পত্তি

Last Updated : Apr 28, 2021, 11:00 PM IST

ABOUT THE AUTHOR

...view details