অসম

assam

ETV Bharat / state

Traffic burden in Tezpur : তেজপুৰত ই-ৰিক্সাই যান বাহনৰ চলাচলত ব্যাঘাত জন্মাইছে - ই ৰিক্সাই যান বাহনৰ চলাচলত ব্যাঘাত জন্মাইছে

তেজপুৰৰ অলিয়ে-গলিয়ে কেৱল মাত্ৰ ই-ৰিক্সা (E rickshaws now becoming a traffic burden in Tezpur) ৷ অবাধ গতিত হোৱা এই ই-ৰিক্সা চলাচলত বিমূৰত পৰিছে পথাচাৰী ৷ এইসমূহ ই-ৰিক্সাক নিয়ন্ত্ৰণ কৰাত তেজপুৰ আৰক্ষী, পৌৰসভা কিম্বা জিলা প্ৰশাসন ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া তেজপুৰবাসীয়ে ৷

E rickshaws now becoming a traffic burden in Tezpur
অবাধ গতিত ই-ৰিক্সাৰ প্ৰচলন

By

Published : Mar 30, 2023, 8:43 PM IST

তেজপুৰ, ৩০ মাৰ্চ : গ্ৰাম্যাঞ্চলৰ পৰা চহৰ অঞ্চললৈ অৰ্থাৎ পথ সংযোগী যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে চৰকাৰে বেটেৰী চালিত ই-ৰিক্সা সেৱাৰ প্ৰচলন কৰা হয় । এই ৰিক্সাৰ জৰিয়তে চহৰত প্ৰদূষণ হ্ৰাস কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে শেহতীয়াকৈ সংস্কৃতিক নগৰী তেজপুৰ চহৰত এই ৰিক্সাই অধিক যান-জঁটৰহে সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে (E rickshaws now becoming a traffic burden in Tezpur)।

ই-ৰিক্সাই অধিক যান-জঁটৰ সৃষ্টি কৰিছে

এই তিনিটা চকা যুক্ত ই-ৰিক্সা প্ৰথম অৱস্থাত তেজপুৰ চহৰত সীমিত পৰিমাণৰ আছিল যদিও পৰৱৰ্তী সময়ত চহৰখনৰ ৰাজপথত যান বাহনৰ নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ জিলা মটৰ পৰিবহন বিভাগৰ অধীনত আনি পঞ্জীয়নভুক্ত কৰা হয় । বৰ্তমান তেজপুৰ চহৰত পঞ্জীয়নভুক্ত ই-ৰিক্সাৰ সংখ্যা প্ৰায় ৩,৫০০ ৰো অধিক (Over 3500 e rickshaws registered in Tezpur) ৷

ইয়াৰ বিপৰীতে অপঞ্জীয়নকৃত ই-ৰিক্সাৰ সংখ্যা তাতোধিক । চহৰখনৰ ট্ৰেফিক গতিবিধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যান-বাহনৰ আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকা আৰু তেজপুৰ চহৰৰ পৌৰ কৰ্তৃপক্ষ বাৰুকৈয়ে বিফল হোৱা দেখিবলৈ পোৱা গৈছে বুলি অভিযোগ উত্থাপন কৰিছে তেজপুৰৰ একাংশ সচেতন মহলে (Traffic burden in Tezpur)।

তেজপুৰত মাত্ৰাধিক ই-ৰিক্সাৰ প্ৰচলন

বিগত বছৰৰ শেষৰ ফালে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ লগত যানবাহন নিয়ন্ত্ৰণ কৰিবলৈ এই বিষয়ে আলোচনাত মিলিত হৈছিল ৷ তেজপুৰ চহৰৰ এই সমস্যাটো সমাধান কৰাৰ বাবে ব্যৱস্থা লোৱাৰ বাবে সংবাদ মাধ্যমক আহ্বানো জনাইছিল ৷ কিন্তু এই ঘোষণাৰ তিনিমাহ অতিক্ৰম কৰাৰ পিচতো আৰক্ষী, পৌৰসভা কিম্বা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ।

একাংশ তেজপুৰবাসীৰ অভিযোগ, জিলা পৰিবহন বিভাগে কেৱল যোৱা তিনিমাহ ধৰি একমাত্ৰ জিলাখনৰ বাৰ্ষিক ৰাজহ সংগ্ৰহ কৰাতেই ব্যস্ত থাকিল । অনিয়ন্ত্ৰিত তেজপুৰ চহৰৰ যান-জঁটৰ বাবে বহু সময়ত পদপথৰ দাঁতিত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক জগৰীয়া কৰি বন্ধ কৰিছিল । কিন্তু ইমানৰ পাচতো কোনো পৰিৱৰ্তন হোৱাহে পৰিলক্ষিত নহ’ল ৷

অবাধ গতিত ই-ৰিক্সাৰ প্ৰচলন

উল্লেখ্য যে, ৯০ দশকৰ শেষৰফালে ভাৰতবৰ্ষত এই ই-ৰিক্সাৰ প্ৰচলন আৰম্ভ হয় ৷ পৰৱৰ্তী সময়ত ২০১১ চনৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত ব্যাপক হাৰত এই ই-ৰিক্সা প্ৰচলন হোৱা দেখা যায় । একেলগে ছয়জন যাত্ৰী কঢ়িয়াই নিব পৰা এই ৰিক্সাত এতিয়া ৮-১০ জন যাত্ৰী কঢ়িয়াই নিয়ে তেজপুৰ চহৰত ৷

ফলস্বৰূপে বহুতো দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে । তেজপুৰ পৌৰসভাৰ অন্তৰ্গত এলেকাত এই যান বাহনৰ নিয়ন্ত্ৰণ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক :Bank Holiday on Ramnavami : কোন কোন চহৰত বন্ধ বেংক ?

ABOUT THE AUTHOR

...view details