অসম

assam

Arunachal Tourism: অৰুণাচল প্ৰদেশত ডিজিটেল আন্তঃৰাজ্যিক পাৰপত্ৰ মুকলি

By

Published : Nov 18, 2022, 1:43 PM IST

অৰুণাচলৰ পৰ্যটন খণ্ডত আন এক নতুন সংযোজন (Arunachal Pradesh Tourism) । অৰুণাচল প্ৰদেশৰ পৰ্যটকৰ বাবে উপলব্ধ হ'ব ডিজিটেল আন্তঃৰাজ্যিক পাৰপত্ৰ । তথ্য-প্ৰযুক্তি বিভাগে প্ৰস্তুত কৰা এই ই-আই এল পি পৰ্টেলৰ (e Inner Line Permit) অৰুণাচল প্ৰদেশৰ ইটানগৰৰ অসামৰিক সচিবালয়ত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মুকলি কৰে (Arunachal CM Pema Khandu) ।

Arunachal
Arunachal

তেজপুৰ, ১৮ নৱেম্বৰ :অৰুণাচলৰ পৰ্যটন খণ্ডত আন এক নতুন সংযোজন (Arunachal Pradesh Tourism) । অৰুণাচল প্ৰদেশৰ পৰ্যটকৰ বাবে উপলব্ধ হ'ব ডিজিটেল আন্তঃৰাজ্যিক পাৰপত্ৰ । তথ্য-প্ৰযুক্তি বিভাগে প্ৰস্তুত কৰা এই ই-আই এল পি পৰ্টেলৰ (e Inner Line Permit) অৰুণাচল প্ৰদেশৰ ইটানগৰৰ অসামৰিক সচিবালয়ত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মুকলি কৰে (Arunachal CM Pema Khandu) ।

অৰুণাচল প্ৰদেশত ডিজিটেল আন্তঃৰাজ্যিক পাৰপত্ৰ মুকলি

এতিয়াৰে পৰা অৰুণাচল প্ৰদেশৰ যিকোনো ঠাইলৈ যাবলৈ online অৰ্থাৎ ই পঞ্জীয়ন লৈ যাব পাৰিব । অৰুণাচল প্ৰদেশ বংগ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেচন, ১৮৭৩-ৰ অধীনত সুৰক্ষিত ইনাৰ পাৰ্মিট ৰেজিমৰ অধীনত আহে । যাৰ বাবে ILP ব্যৱহাৰৰ জৰিয়তে পৰ্যটকসকলে ৰাজ্যখন ভ্ৰমণ কৰিব পাৰে । ৰাজ্যখনৰ সৌন্দৰ্য উপভোগ কৰিব বিচৰা পৰ্যটকসকলৰ বাবে উদ্দেশ্য কৰা পৰ্যটক e ILP পৰ্টেল মুকলি কৰাৰ লগে লগে পৰ্যটকৰ বাবে ILP প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেলাইজড কৰা হ’ব (e Inner Line Permit launched in Arunachal) ।

অৰুণাচল প্ৰদেশত ডিজিটেল আন্তঃৰাজ্যিক পাৰপত্ৰ মুকলি

যাৰ ফলত অনুমতি প্ৰদান কৰাটো দ্ৰুত আৰু অধিক সুবিধাজনক হ’ব । এই উপলক্ষে বৃস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী খাণ্ডুৱে ৰাজ্যত গুণগত আৰু উচ্চমানৰ পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে এখন ৰোডমেপ প্ৰস্তুত কৰাৰ পৰামৰ্শ আগবঢ়ায় । কিয়নো পৰ্যটন খণ্ডই ৰাজ্যৰ অৰ্থনীতিক আগুৱাই নিয়াৰ লগতে যুৱক-যুৱতীসকলক চাকৰিৰ সুবিধা প্ৰদান কৰাৰ বিপুল সম্ভাৱনা আছে ।

IT আৰু যোগাযোগ মন্ত্ৰী ৱাংকি লোৱাঙে এই পদক্ষেপক পৰ্যটক ILP প্ৰদানৰ বাবে কাগজ-পত্ৰৰ প্ৰক্ৰিয়া হ্ৰাস কৰাৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি বুলি অভিহিত কৰে । এই উপলক্ষে উপস্থিত থকা পৰ্যটন আৰু পৰিবহণ মন্ত্ৰী নকাপ নালোৱে ৰাজ্যখনৰ পৰ্যটন বৃদ্ধিৰ বাবে দীৰ্ঘদিন ধৰি অনুভৱ কৰা ডিজিটেল সমাধান অনাৰ বাবে IT বিভাগক প্ৰশংসা কৰে ।

লগতে তেওঁ আস্থা প্ৰকাশ কৰে যে Tourist e ILP সমাধানে আবেদন প্ৰক্ৰিয়া সহজ কৰি তুলিব আৰু ৰাজ্যখনৰ পৰ্যটনৰ সুবিধা প্ৰদান কৰিব । মুখ্য সচিব ধৰ্মেন্দ্ৰই কয় যে পৰ্যটকৰ বাবে e ILP আৰম্ভ কৰাটো অৰুণাচল প্ৰদেশৰ প্ৰশাসনত e governance সৰ্বাধিক কৰাৰ দিশত আন এক পদক্ষেপ । চৰকাৰী কাম-কাজ সৰল কৰাৰ বাবে, ব্যৱসায় কৰাৰ সুবিধা উন্নত কৰাৰ বাবে আৰু জনকল্যাণৰ বাবে ডিজিটেল পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত প্ৰযুক্তিভিত্তিক হস্তক্ষেপৰ জৰিয়তে ৰাজ্যখনে উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰা হৈছে । উক্ত অনুষ্ঠানত গৃহ, ৰাজনৈতিক, সমন্বয় আৰু তথ্য বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Birth Aniversary of Lachit Borphukan: বিশাল মাৰ্চপাষ্টেৰে লাচিত জন্মজয়ন্তীৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details