অসম

assam

ETV Bharat / state

হেলিকপ্টাৰযোগে জুক' ভেলীত অগ্নিনিৰ্বাপনৰ ৩৩১০ কেজি সামগ্ৰী অৱতৰণ - এনডিআৰএফ

এতিয়াও নিৰ্বাপন হোৱা নাই নাগালেণ্ডৰ জুক' বনাঞ্চলৰ বনজুই । আজি পুনৰ বায়ুসেনাৰ হেলিকপ্টাৰ প্ৰয়োগ কৰা হৈছে অগ্নিনিৰ্বাপনৰ বাবে ।

Dzukou IAF Mi 17V5 land
হেলিকপ্টাৰ যোগে জকু' ভেলীত অগ্নি নিৰ্বাপনৰ ৩৩১০ কেজি সামগ্ৰী অৱতৰণ

By

Published : Jan 6, 2021, 6:57 PM IST

Updated : Jan 6, 2021, 7:24 PM IST

তেজপুৰ, ৬ জানুৱাৰী : বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে জনায় যে, বুধবাৰে নাগালেণ্ডৰ যেখামা অঞ্চলৰ পৰা বায়ুসেনাৰ হেলিকপ্টাৰ যোগে ৩৩১০ কেজি জুই নিৰ্বাপন কৰা সামগ্ৰী জুক' ভেলীত অৱতৰন কৰে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ সহায়ৰ বাবে ।

হেলিকপ্টাৰ যোগে জকু' ভেলীত অগ্নি নিৰ্বাপনৰ ৩৩১০ কেজি সামগ্ৰী অৱতৰণ

এই সামগ্ৰীৰ জৰিয়তে বৃস্পতিবাৰে এনডিআৰএফে পুনৰ অভিযান আৰম্ভ কৰিব বুলি জনায় । লগতে তেওঁ কয় যে জুক' বনাঞ্চলৰ বনজুই অন্য অঞ্চলৰ ফালে ধাৱমান হৈছে অত্যন্ত বতাহৰ বাবে ।

হেলিকপ্টাৰ যোগে জকু' ভেলীত অগ্নি নিৰ্বাপনৰ ৩৩১০ কেজি সামগ্ৰী অৱতৰণ

আনহাতে, অগ্নি নিৰ্বাপনৰ বাবে ৰাজ্যিক দুৰ্যোগ প্ৰশমন, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন, নাগালেণ্ডৰ আৰক্ষী, সেনাবাহিনীৰ লোক, বায়ু সেনা আৰু চাই অংগমাই নামৰ স্বেচ্ছাসেৱী সংগঠনৰ লোকে চেষ্টা অব্যাহত ৰাখিছে বুলি নাগালেণ্ডৰ গৃহ বিভাগে জনাইছে । তেওঁ কয় যে, এছডিআৰএফৰ ৭ টা কোম্পানীৰ ৩০০ জোৱান নিয়োজিত হৈছে লগতে বন বিভাগৰ লোকে যোৱা ৬ দিন ধৰি যদিও বৰ্তমানলৈকে ক্ষয় ক্ষতিৰ বুজ ল’ব পৰা হোৱা নাই । কিন্তু ৰাজ্য চৰকাৰে ইতিমধ্যে ড্ৰ’ণৰ সহায়ত বনাঞ্চলখনৰ বুজ লোৱাৰ কথা চিন্তা কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক :জুক’ ভেলীৰ বনজুইত মৃত্যু নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ

Last Updated : Jan 6, 2021, 7:24 PM IST

ABOUT THE AUTHOR

...view details