তেজপুৰ,২০ অক্টোবৰ :আহিনৰ কুঁৱলীৰ দলিচাত ভৰি দি ধৰাৰ বুকুলৈ আগমন হ'ল দেৱী দুৰ্গাৰ । এইবাৰ ঘোঁৰাৰে আগমন দুৰ্গতিনাশিনীৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰ ঐতিহাসিক স্থানসমূহতো দুৰ্গা পূজাৰ ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে । দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ তেজপুৰ চহৰ । একপ্ৰকাৰ দেৱীৰ প্ৰতিষ্ঠাক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে তেজপুৰত ।
তেজপুৰত নৃত্য পটিয়সী প্ৰেৰণা বৈশ্যৰ নেতৃত্বত দেৱীৰ আগমনৰ সময়ত মহীষমৰ্দিনী শীৰ্ষক বিশেষ নৃত্যৰ আয়োজন কৰা হয় । এইবাৰ দেৱীৰ আগমন অৰ্থাৎ মহালয়া ১৩ অক্টোবৰ নিশা ৯ বাজি ৫০ মিনিট ২০ ছেকেণ্ডৰ পৰা আৰম্ভ হৈ শনিবাৰে ১৪ অক্টোবৰৰ নিশা ১১ বাজি ২৪ মিনিট ২৪ ছেকেণ্ডত সমাপ্ত হয় । আহিন মাহৰ কৃষ্ণ পক্ষৰ প্ৰতিপদৰ পৰা আৰম্ভ হৈ অমাৱস্যা পৰ্যন্ত অৰ্থাৎ ১০ দিন পিতৃপক্ষ বা প্ৰেতপক্ষ বুলি শাস্ত্ৰত অভিহিত কৰা হৈছে ।