অসম

assam

ETV Bharat / state

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰিন্স উইলিয়ামছ আৰু পত্নীয়ে - ডিউক অৱ কেম্ব্ৰিজ প্ৰিন্স উইলিয়ামছ আৰু পত্নী কেথেৰিন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱ কুমাৰলৈ পত্ৰ প্ৰেৰণ কৰিলে প্ৰিন্স উইলিয়ামছ আৰু পত্নী কেথৰিনে ৷ উদ্যানৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃত্যু হোৱা জীৱ-জন্তুৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে দুয়োগৰাকীয়ে ৷

পি. শিৱ কুমাৰলৈ পত্ৰ প্ৰেৰণ
কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰিন্স উইলিয়ামছ আৰু পত্নীয়ে

By

Published : Jul 24, 2020, 5:19 PM IST

তেজপুৰ, 24 জুলাই : সমগ্ৰ অসমৰ লগতে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 85% অঞ্চল বানৰ কবলত। বৰ্তমানেও ৰাষ্ট্ৰীয় উদ্যানখনৰ 153 টা বন শিবিৰ জলমগ্ন হৈ আছে । অসমৰ বানৰ ফলত বৰ্তমানলৈকে 93 গৰাকী লোকৰ মৃত্যু হৈছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

এনে এক জটিল ক্ষণত ডিউক অৱ কেম্ব্ৰিজ প্ৰিন্স উইলিয়ামছ আৰু পত্নী কেথেৰিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভয়াবহ বান পৰিস্থিতিৰ বুজ লয় আৰু মৃত্যু হোৱা জীৱ-জন্তুৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱ কুমাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে উইলিয়ামছ আৰু তেওঁৰ সহধৰ্মিনী কেথেৰিনে কৰ'ণা সংক্ৰমণৰ মাজতে এই ভয়াৱহ বানৰ বাবে আশ্চৰ্য প্ৰকাশ কৰে ৷

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰিন্স উইলিয়ামছ আৰু পত্নীয়ে

উল্লেখ্য যে, প্ৰিন্স উইলিয়ামছ আৰু কেথেৰিনে 2016 চনৰ এপ্ৰিল মাহত অসম ভ্ৰমণ কৰাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰ বিষয়ে পুনৰ বিশ্লেষণ কৰে । বানপানীৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ লগতে অন্য জীৱ-জন্তুৰ মৃত্যু হোৱাত গভীৰ শোক প্ৰকাশ কৰে দুয়োগৰাকীয়ে ৷ কিছুদিন পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনেও অসমৰ বান পৰিস্থিতিৰ বাবে সমবেদনা জ্ঞাপন কৰিছিল ৷

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰিন্স উইলিয়ামছ আৰু পত্নীয়ে

ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া তথ্য অনুসৰি, বৰ্তমানলৈকে 57 টা জীৱ-জন্তু বানৰ ফলত আঘাতপ্ৰাপ্ত হৈছে ৷ আনহাতে, 150 টা জীৱ-জন্তু উদ্ধাৰ হোৱাৰ লগতে 127 টা পুনৰ মুকলি কৰি দিয়া হৈছে ৷ মুঠ 123 টা জীৱ-জন্তুৰ মৃত্যু হোৱাৰ লগতে 7 টা চিকিৎসাধীন অৱস্থাত আছে ৷ ৰাজপথত আশ্ৰয় লৈছে গঁড়,পহু,হাতী আদি অন্যান্য জীৱ-জন্তুয়ে ।

লগতে পঢ়ক :স্বাধীনতা দিৱসৰ বাবে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা জাৰি

ABOUT THE AUTHOR

...view details