শোণিতপুৰ, 31 মে': শোণিতপুৰ জিলাৰ ৰঙাপৰাত বি এছ এন এল কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই বুধবাৰৰ বিয়লি 5 বজাৰ পৰা ব্যাহত টেলিফোন আৰু ইন্টাৰনেট সেৱা । নিশা অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাতৰ বাবে টেলিফোন সেৱা ব্যাহত হোৱা বুলি ৰাইজে ধাৰণা কৰিছিল যদিও পাছত ই টিভি ভাৰত অসমৰ তদন্তত পোহৰলৈ আহে প্ৰকৃত ঘটনা । বি এছ এন এলৰ কৰ্তৃপক্ষই বিদ্যুৎ বিভাগক 2 লাখ 37 হেজাৰ 367 টকা বিদ্যুৎ মাচুল পৰিশোধ নকৰাত বিদ্যুৎ বিভাগে বি এচ এন এলৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ পাছতেই অঞ্চলটোত বি এছ এন এল সেৱা ব্যাহত হৈ পৰে ।
ৰঙাপৰাত বিদ্যুৎ বিভাগে কৰ্তন কৰিলে বি এছ এন এল কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ - Etv Bharat Assam
ৰঙাপৰাত ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ টেলিফোন সেৱা ব্যাহত ৷ বিদ্যুৎ বিভাগে কৰ্তন কৰিলে কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ
ৰঙাপৰাত বি এছ এন এল সেৱা ব্যাহত হোৱাত বিত্তীয় প্ৰতিষ্ঠান, ৰেলৱে বিভাগ, গেছ এজেন্সি, অগ্নি নিৰ্বাপক সেৱা, জীৱন বীমা নিগম, ৰঙাপৰা পৌৰসভা, চিকিৎসালয়, ডাকঘৰ, কোষাগাৰ আদিকে ধৰি সকলো চৰকাৰী কাৰ্যালয়ৰ কাম কাজ স্তব্ধ হৈ পৰে । ৰঙাপৰা আৰক্ষী থানাৰ বি এছ এন এলৰ সংযোগ কৰা টেলিফোন লাইন বিকল হোৱাত প্ৰশাসনিক সকলো কাম কাজৰ পৰা বিৰত থাকিবলগীয়া হয় বিষয়া তথা কৰ্মচাৰী । তদুপৰি ৰঙাপৰাত থকা বিএছ এন এল কাৰ্যালয়টোৰ বিষয়াসকলে তেজপুৰত থাকি দায়িত্ব পৰিচালনা কৰে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । আনহাতে ৰঙাপৰাস্থিত টেলিফোন বিভাগৰ কাৰ্যালয়ত থকা জেনেৰেটৰ দুটা তেল নথকাৰ বাবে বন্ধ হৈ আছে ।