অসম

assam

ETV Bharat / state

তেজপুৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা!

তেজপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজনকৈ ড্ৰাগছ সেৱনকাৰী

তেজপুৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা

By

Published : May 7, 2019, 5:22 PM IST

তেজপুৰ,৭ মেঃ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ কৱলত সাংস্কৃতিক নগৰী তেজপুৰ। বৰ্তমানলৈকে তেজপুৰত আৰক্ষীয়ে আটক কৰিছে চাৰি জনকৈ ড্ৰাগছ সেৱনকাৰী। সোমবাৰে নিশা তেজপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰা এখন স্কুটি নিবলৈ আহি আৰক্ষীৰ ওচৰৰ পৰা কৌশলেৰে পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰীতম চৰকাৰ ওৰফে কাই নামৰ এজন যুৱকক।

তেজপুৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা

আনহাতে, চহৰ খনৰ একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজতো দেখা গৈছে ড্ৰাগছৰ প্ৰচলন। কিছুদিন পূৰ্বে তেজপুৰ মহাবিদ্যালয়ৰ একাংশ যুৱক আৰু ৰাইজে মাজগাওঁ অঞ্চলত এটা অবৈধ ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰি কৃষ্ণ নাথ নামৰ ব্যৱসায়ী জনক আৰক্ষীৰ হাতত গতাই দিছিল যদিও এতিয়াও অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ।

ABOUT THE AUTHOR

...view details