তেজপুৰ,১২ ছেপ্টেম্বৰ: অসমত ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police)৷ এনে কঠোৰ অভিযানৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে চলাই আছে ইয়াৰ ৰমৰমীয়া ব্যৱসায় ।
তেজপুৰ আৰক্ষীৰ অভি৷যানত উদ্ধাৰ হৈছে হেৰ'ইন(Drugs seized in Tezpur)। এই সন্দৰ্ভত এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । উল্লেখ্য় যে শোণিতপুৰ জিলাৰ বৰঘাত থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কলীয়া ভোমোৰা দলঙৰ সমীপত জব্দ কৰে এই হেৰ'ইনখিনি । আৰক্ষীয়ে জনোৱা মতে, নগাঁও জিলাৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা আইনুল হক (২০)নামৰ যুৱকজনৰ পৰা ২০ টা কন্টেইনাৰৰ পৰা ২৬ গ্ৰাম হেৰ'ইন জব্দ কৰে ।