তেজপুৰ, ৪ জুলাই: অসম-ত্ৰিপুৰাৰ সীমান্তত অবাধে চলি আছে ড্ৰাগছৰ বেহা। দুয়োখন ৰাজ্য়ৰ আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীয়ে সময়ে সময়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জব্ধ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ । এনে অভিযানৰ মাজতেই অসম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নৰ নেতৃত্বত HQ IGAR (EAST) ৰ তত্বাৱধানত আগৰতলা ছেক্টৰৰ জিৰিঘাট আৰক্ষী আৰু কাছাৰ জিলাৰ আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰে । আৰক্ষীয়ে এই ঘটনাৰে জড়িত এজন লোকক আটক কৰে ।
ড্ৰাগছ বিক্ৰীৰ চক্ৰৰ বিষয়ে এক নিৰ্ভৰযোগ্য তথ্য লাভ কৰাৰ পিচতেই ৩ জুলাইত জিৰিঘাট থানাৰ আৰক্ষীয়ে অসম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নৰ সৈতে এক যৌথ অভিযান চলায় । আৰক্ষীৰ এই দলটোৱে ২৭৬.১ গ্ৰাম হেৰ'ইনৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে । এই ২৭৬.১ গ্ৰাম হেৰ'ইনৰ আনুমানিক মূল্য ৫০ লাখ টকা ।
অসমৰ কাছাৰ জিলাৰ জিৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত লালপানীৰ পৰাও ১.১ কোটি টকাৰ হেৰ'ইন জব্দ কৰে । জব্দ কৰা সামগ্ৰীসহ লোকজনক অধিক তদন্তৰ বাবে জিৰিঘাট আৰক্ষীক গতাই দিয়া হয় বুলি জানিবলৈ দিয়ে । উল্লেখ্য় যে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পিচতে চুবুৰীয়া ৰাজ্যসমূহত বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সুলভ হৈ পৰিছে । বিভিন্ন ধৰণৰ ড্ৰাগছ , কোকেইন আৰু হেৰ'ইনৰ সৰবৰাহ মণিপুৰ সীমান্তৰ পৰা হয় বুলি সন্দেহ কৰা হয় । মণিপুৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত ৰাজ্যৰ লগতে উগ্ৰপন্থী আৰু নিচাযুক্ত ড্ৰাগছ আৰু পপী খেতিৰ এক বিশেষ বৃহৎ বজাৰ দখল কৰি আহিছে ।