ৰঙাপৰা,21 মে’: কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ সুৰুঙা লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুষ্টচক্ৰই চলাই আছে মদ, জুৱা তথা ড্ৰাগছৰ ৰমৰমীয়া বেহা ।
দীৰ্ঘদিন ধৰি আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি এই অসাধু চক্ৰই চলাই আছে নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা । শেহতীয়াকৈ শোণিতপুৰ জিলাৰ লখৰাত চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুজন লোকক আটক কৰিছে ।
এক গোপন সূত্রৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে লখৰাৰ ৰাজপথত তালাচী চলাই থকাৰ সময়তে এখন তীব্ৰবেগত আহি থকা নম্বৰপ্লেটবিহীন এল্ট’ গাড়ীক ৰ’বলৈ নিৰ্দেশ দিয়ে আৰক্ষীয়ে ৷ গাড়ীখনে আৰক্ষীৰ নিৰ্দেশ নামানি তীব্ৰবেগত পলায়নৰ চেষ্টা কৰে ৷ ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীৰ দলে খেদি খেদি চালকসহ গাড়ীখন কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷