তেজপুৰ, ৮ আগষ্ট : ৰাজ্যত মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সমূহৰ সৰবৰাহ বন্ধ কৰাৰ বাবে অংগীকাৰ লৈছিল ৷ তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই কোটি কোটি টকাৰ ড্ৰগাছকে ধৰি নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ মনকৰিবলগীয়া যে, আৰক্ষীয়ে যিমানেই ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাইছে সিমানেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হৈ আহিছে ৷
তাৰ মাজতে দেওবাৰে ইটখোলা আৰক্ষীয়ে এক অভিযান চলাই বৃহৎপৰিমাণৰ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । নিশা প্ৰায় 9 বজাত অভিযান চলাই ইটাখোলা আৰক্ষীয়ে 33 টা কন্টেনাৰসহ ধৃত সৰবৰাহকাৰী দুটাক আটক কৰিবলৈ সক্ষম হয় ৷ ইটখোলা আৰক্ষীৰ চকীৰ সমীপৰ চেঙামাৰিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুটাক জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ধৃত দুই সৰবৰাহকাৰী মকিব আৰু ৰুকচনা ৷ দুয়ো সম্পৰ্কত স্বামী-স্ত্ৰী বুলি জানিব পৰা গৈছে ৷