শোণিতপুৰ,৩ জুন:ড্ৰাগছৰ বিৰুদ্ধে কঠোৰতকৈয়ো কঠোৰ অসম আৰক্ষী(Assam Police against drugs) । যদিও নিত্য নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছৰ সাম্ৰাজ্য চলাই নিয়াৰ চেষ্টা চলাইছে তথাপিও সাৰি যাব পৰা নাই আৰক্ষীৰ শেন চকুৰ আগৰ পৰা । এটা দিনতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে বহুকেইটা সৰবৰাহকাৰী । শেহতীয়াকৈ শোণিতপুৰত আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ চাৰিটাকৈ সৰবৰাহকাৰী(Drug peddler arrested in Sonitpur) ।
উল্লেখ্য যে, তেজপুৰ সদৰ থানাৰ অন্তৰ্গত কলিয়াভোমোৰা দলঙৰ সমীপত বহুওৱা এক নাকা চেকিঙত নগাঁৱৰ দিশৰ পৰা অহা এখন মটৰ চাইকেলত তালাচী চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ দুটাকৈ সৰবৰাহকাৰীক আটক কৰে । ধৃত দুই সৰবৰাহকাৰী ক্ৰমে দিলদাৰ হুছেইন আৰু হাবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰী দুটাই ২৮ টা প্লাষ্টিকৰ কন্টেইনাৰত তেজপুৰৰ দিশে আনিছিল নিষিদ্ধ ড্ৰাগছখিনি । ড্ৰাগছৰ লগতে আৰক্ষীয়ে জব্দ কৰে AS12T-7212 নম্বৰৰ মটৰ চাইকেলখন ।