অসম

assam

ETV Bharat / state

সাৱধান চোৰাং চিকাৰী ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে মৰণফান্দ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী ৰোধৰ বিশেষ ব্যবস্থা ৷ ৰাষ্ট্ৰীয় উদ্যানখনত সংযুক্ত হ'ব দ্ৰোণৰ ব্যবস্থা ৷ ইতিমধ্যে, প্ৰশিক্ষণ প্ৰাপ্ত কৰি তোলা হৈছে বিষয়া-কৰ্মচাৰীক ৷

Drones to Check Poaching in Kaziranga National Park
দ্ৰোণৰ প্ৰশিক্ষণ প্ৰদান

By

Published : Sep 14, 2020, 10:37 PM IST

তেজপুৰ, 14 ছেপ্টেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 17 গৰাকী আগশাৰীৰ বিষয়াক ৰাষ্ট্ৰীয় উদ্যানত তিনিদিনীয়া দ্ৰোণৰ প্ৰশিক্ষণ দিয়া হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চোৰাং চিকাৰী ৰোধ কৰিবলৈ উদ্যান কৰ্তৃপক্ষই এই বিশেষ ব্যবস্থা হাতত লৈছে ৷

দ্ৰোণৰ প্ৰশিক্ষণ প্ৰদান

উল্লেখ্য যে,অসমৰ বন বিভাগে 2018 চনতে দ্ৰোণ ব্যৱহাৰ কৰিছিল আৰু 2019 চনতে ৰাষ্ট্ৰীয় উদ্যানত এই দ্ৰোণ ব্যৱহাৰ কৰি কৃতকার্য লাভ কৰিছিল । ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ইটিভি ভাৰতক জনায় যে,তিনিখন অত্যাধুনিক প্ৰযুক্তিৰ নতুন দ্ৰোণ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানত অনা হয় ৷ ইয়াৰ আগতে দ্ৰোণ আছিল যদিও এয়া নতুন প্ৰযুক্তিৰ বুলি তেওঁ জানিবলৈ দিয়ে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাশ্ববৰ্তী 6 ষষ্ঠ সংযোজন আৰু শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান সামৰি এই দ্ৰোণ ব্যৱহাৰ কৰা হৈছে । ইতিমধ্যে,ব্যৱহাৰিক আৰু কাৰিকৰী দিশত প্ৰশিক্ষণ সোমবাৰে ৰাষ্ট্ৰীয় উদ্যানত সমাপ্ত কৰা হয় ।

দ্ৰোণৰ প্ৰশিক্ষণ প্ৰদান

উল্লেখযোগ্য যে,ইয়াৰ আগতে ৰাষ্ট্ৰীয় উদ্যানৰ চোৰাং চিকাৰী ৰোধ কৰিবলৈ UAV (Unman Aerial Vehicle)ব্যৱহাৰ কৰা হৈছিল যদিও সুৰক্ষাৰ বাবে এই ব্যৱস্থা স্থগিত কৰা হৈছে । ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা সংমণ্ডলত এই দ্ৰোণ ব্যৱহাৰ কৰা হ'ব । কহৰা,বাগিৰী,বুঢ়াপাহাৰ,আগৰাতলি ৰেঞ্জ সামৰি লোৱা এই প্ৰশিক্ষণ ।

উল্লেখ্য যে,ইষ্টাৰ্ণ ৰেঞ্জৰ 11 গৰাকী,নগাঁও বন্য প্ৰাণী সংমণ্ডলৰ 2 গৰাকী আৰু বিশ্বনাথ সংমণ্ডলৰ 4 গৰাকী বিষয়াক এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : নিজস্ব জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ দাবীত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details