আমগুৰি, ১৮ এপ্ৰিল :গহপুৰৰ কাৰিবিল ঘটনাৰ সৈতে জড়িত অভিযুক্ত চালক অভিজিৎ গগৈৰ আমগুৰি আৰক্ষী থানাত আত্মসমৰ্পণ (Driver involved in Gohpur Road accident surrendered)। বাহন চলোৱাৰ সময়ত চালকজনে সুৰাপান কৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত চালকজনে সোমবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ অভিযুক্ত অভিজিৎ গগৈৰ ঘৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি নগৰৰ ৬ নং ৱাৰ্ডত । কৰ্মসূত্ৰে হেলেমত বিগত ১১ বছৰ ধৰি ব্যৱসায় কৰি আহিছিল অভিজিতে । ইফালে দুৰ্ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ দিয়ে অভিজিতে ।
উল্লেখ্য যে, শনিবাৰে নিশা প্ৰায় ১২.৪৫ বজাত গহপুৰৰ টকৌবাৰীত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনা নিহত হৈছিল ৫ বিহুৱা-বিহুৱতীৰ (Road accident at Gohpur) ৷ শনিবাৰে নিশা গহপুৰৰ বিভিন্ন স্থানত হুঁচৰি গাই AS 25 DC 7418 নম্বৰৰ এখন বলেৰ পিকআপ গাড়ীত প্ৰায় ২০ জনীয়া এটা বিহুৱা দল ঘৰলৈ উভতি যোৱাৰ সময়তে বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ যাৰ ফলত তিনিগৰাকী যুৱতীসহ দুজন যুৱকৰ থিতাতে মৃত্যু হয় ৷