অসম

assam

Draft Voter List released: তেজপুৰত সংক্ষিপ্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

By

Published : Nov 9, 2022, 10:51 PM IST

ৰাজ্যজুৰি আজি প্ৰকাশ কৰা হৈছে খচৰা ভোটাৰ তালিকা(Draft Voter List released) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তেজপুৰতো প্ৰকাশ কৰা হয় সংক্ষিপ্ত খচৰা ভোটাৰ তালিকা(Draft voter list released in Tezpur) । জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সভাপতিত্ব কৰা এখন সভাত মুকলি কৰা হয় এই তালিকাখন ।

draft voter list released in tezpur
তেজপুৰত সংক্ষিপ্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

তেজপুৰ,৯ নৱেম্বৰ:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে তেজপুৰতো প্ৰকাশ কৰা হয় খচৰা ভোটাৰ তালিকা(Draft Voter List released) । ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে মঙলবাৰে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ(DC Dev Kumar Mishra)ৰ সভাপতিত্বত আয়োজন কৰা এখন সভাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত ২০২২ বৰ্ষৰ সংক্ষিপ্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়(Draft voter list released in Tezpur) ।

উল্লেখ্য যে, ৯ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ জিলাখনৰ ভোটাৰ ৰাইজে ভোটাৰ তালিকাত নাম অৰ্ন্তভূক্ত কৰাৰ লগতে কোনো তথ্য সংশোধনীৰ বাবে আৱেদন কৰিব পাৰিব । আনহাতে, ৮ ডিচেম্ববৰ পৰা ২৬ ডিচেম্বৰ ভিতৰত পাঁচোটা সমষ্টিতে ৰাইজে জমা দিয়া ওজৰ আপত্তি সমূহ নিষ্পত্তি কৰা হ'ব । ইফালে ১ জানুৱাৰী, ২০২৩ক ভিত্তি হিচাপে লৈ চূড়ান্ত ভোটাৰ তালিকা ২০২৩ ৰ ৫ জানুৱাৰীত প্ৰকাশ পাব বুলি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই সন্দৰ্ভত অনুষ্ঠিত সভাত জিলা নির্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জানিবলৈ দিয়ে ।

এই সভাখনিত উপস্থিত থাকে অতিৰিক্ত উপায়ু্ক্ত ৰাজ বৰুৱা, তেজপুৰৰ নিৰ্বাচন বিষয়া ইভা দাস, ৫ টা সমষ্টিৰ ই.আৰ.অ', বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি সকল ।

লগতে পঢ়ক:Decision on Assam Madrasa: পহিলা ডিচেম্বৰৰ ভিতৰত মাদ্ৰাছাসমূহৰ বিতং তথ্য দাখিল কৰিব লাগিব

ABOUT THE AUTHOR

...view details