তেজপুৰ, ২১ জুন ঃদেওবাৰে তেজপুৰ চহৰৰ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী শীলা বৰঠাকুৰৰ । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক তথা সভানেত্ৰী, পদ্মশ্ৰী ড৹ শীলা বৰঠাকুৰৰ পৰলোকপ্ৰাপ্তি ঘটাত অসম সাহিত্য সভা ,তেজপুৰ সাহিত্য সভা ,শোণিতপুৰ জিলা কবি সন্মিলন, উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা ,শোণিতপুৰ জিলা সাহিত্য সভাৰ লগতে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।
সাহিত্যিক তথা সমাজসেৱী ড৹ শীলা বৰঠাকুৰৰ মৃত্যু - সাহিত্যিক তথা সমাজসেৱী ড৹ শীলা বৰঠাকুৰ
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী শীলা বৰঠাকুৰৰ পৰলোকপ্ৰাপ্তি ৷ সমাজসেৱী তথা সাহিত্যিক গৰাকীৰ মৃত্যুৱে সমগ্ৰ তেজপুৰৰ লগতে সাহিত্য জগতখনত শোকৰ ছাঁ পেলাইছে ৷
সাহিত্যিক তথা সমাজসেৱী ড৹ শীলা বৰঠাকুৰৰ মৃত্যু