অসম

assam

By

Published : Mar 24, 2021, 10:05 PM IST

ETV Bharat / state

পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ডঃ ৰমন সিঙে

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতে ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি ডঃ ৰমন সিঙে তেজপুৰৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ভাষণ প্ৰসংগত সিঙে অসমৰ ছয় জনগোষ্ঠীক বিজেপি চৰকাৰে জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিলে বুলি উল্লেখ কৰে ৷

পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ডঃ ৰমন সিঙে
পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ডঃ ৰমন সিঙে

তেজপুৰ,২৪ মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতে ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি ডঃ ৰমন সিঙে তেজপুৰৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ভাষণ প্ৰসংগত তেজপুৰ তথা অসমৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ডঃ ৰমন সিং ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মাৰ লগতে ডঃ ভূপেন হাজৰিকাকো ভূয়সী প্ৰশংসা কৰে ৷ বিগত পাঁচ বছৰত এনডিএ চৰকাৰ তথা অগপ-বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰে বহুকেইটা উন্নয়নমূলক কাম কৰাৰ লগতে বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰি পৃথ্বীৰাজ ৰাভাক ভোট দিবলৈ আহ্বান জনায় সিঙে ৷

পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ডঃ ৰমন সিঙে

ইফালে, ভাষণ প্ৰসংগত সিঙে অসমৰ ছয় জনগোষ্ঠীক বিজেপি চৰকাৰে জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিলে বুলি উল্লেখ কৰে ৷ ছত্তিশগড়ত মাওবাদীৰ দৰে কূটাঘাত সমস্যাৰ সমাধান তেওঁৰ কাৰ্যকালতে হোৱা বুলি উল্লেখ কৰি কয়, এই সমস্যাটো আন্তঃৰাজ্যিক সীমাৰ বাবে হয় ৷ গতিকে লাহে লাহে সকলো সমাধান হ'ব ৷

লগতে পঢ়ক:অখিলৰ সমৰ্থত শিৱসাগৰৰ ৰাজপথত সহস্ৰাধিক জনতা

For All Latest Updates

ABOUT THE AUTHOR

...view details