তেজপুৰ, ৭ মাৰ্চ :ৰঙৰ উৎসৱ দৌল বা ফাকুৱা এক বসন্ত উৎসৱ (Holi celebrated in Assam) । অসমৰ প্ৰত্যেক মঠ মন্দিৰ, থান, সত্ৰ, নামঘৰত সাধাৰণতে আজিৰ দিনটোত এই দৌল উৎসৱ উদযাপন কৰা দেখা যায় । ফাগুণ মাহৰ পূৰ্ণিমা তিথিত এই দৌল উৎসৱ পালন কৰা হয় (Doul Utsav celebrated in Assam) । শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত মঙলবাৰে এই ৰঙৰ উৎসৱ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে (Doul Utsav celebrated at tezpur) ।
তেজপুৰ চহৰৰ সমীপতে কলীয়া গোঁসাই থানত দৌল উৎসৱৰ প্ৰথমদিনাই ভক্তপ্ৰাণ ৰাইজে ২৫ খন পতাকা উত্তোলনেৰে এই দৌল উৎসৱৰ আৰম্ভণি কৰে (Doul Utsav at Kolia Gosai Than Tezpur) । উল্লেখ্য, মঙলবাৰৰ পৰা শ্ৰীশ্ৰী কলীয়া গোঁসাই থানৰ ২৯ সংখ্যক দৌল উৎসৱৰ লগত সংগতি ৰাখি ৰূপালী জয়ন্তী উদযাপন উপলক্ষে ২৫ জন নামঘৰীয়াই একেলগে ২৫ খন পতাকা উত্তোলন কৰি ৫ দিনীয়া কাৰ্যসূচী আৰম্ভ কৰে ।
মঙলবাৰে গোঁসাইৰ মূৰত ফাকু ৰং সানি, বুধবাৰে থানৰ গোঁসাইৰ মূৰ্তি লৈ স্থানীয়ভাৱে ৰাইজে শোভাযাত্ৰা কৰি এই ৰঙৰ উৎসৱ উদযাপন কৰিব । লগতে মঙলবাৰৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হোৱা মেলাৰ দ্বাৰ উন্মোচন কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জ্যোতিকমল হাজৰিকাই । তাৰ পিছতে হোলী গীতেৰে মুখৰিত হৈ পৰে শ্ৰীশ্ৰী কলীয়া গোঁসাই থান । আনহাতে, পশ্চিমবংগত হোলীৰ এদিন পূৰ্বে দোলা যাত্ৰা বা দ’ল উৎসৱ উদযাপন কৰা হয় ।