কলিয়াবৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু যোগাযোগ ৰাজ্যিক মন্ত্ৰী বিজয় কুমাৰ সিং - বিজয় কুমাৰ সিং
কেন্দ্ৰীয় পথ পৰিবহণ আৰু যোগাযোগ ৰাজ্যিক মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া জেনেৰেল বিজয় কুমাৰ সিঙৰ কলিয়াভোমোৰা সেঁতুৰ নিৰ্মীয়মান দলং পৰিদৰ্শন ৷ গুৱাহাটীৰ পৰা ইটানগৰলৈকে স্থলপথেৰে ভ্ৰমণ কৰি বুজ ল'ব নিৰ্মীয়মান চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণৰ কামৰ অগ্ৰগতি ৷
কলিয়াবৰ, 28 আগষ্টঃ কেন্দ্ৰীয় পথ পৰিবহণ আৰু যোগাযোগ ৰাজ্যিক মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া জেনেৰেল বিজয় কুমাৰ সিঙে বুধবাৰে কলিয়াভোমোৰা সেঁতুৰ নিৰ্মীয়মান দলং পৰিদৰ্শন কৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে গুৱাহাটীৰ পৰা ইটানগৰলৈকে স্থলপথেৰে ভ্ৰমণ কাৰ্যসূচী হাতত লৈছে বুলি মন্ত্ৰীগৰাকী মন্তব্য কৰে ৷ এই ভ্ৰমণ কালত নিৰ্মীয়মান চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে বুজ ল'ব মন্ত্ৰী গৰাকীয়ে ৷ টোল গেট সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, উন্নত মানদণ্ডৰ পথৰ সুবিধা পালে দুই এক পইচা জনসাধাৰণে নিশ্চয় খৰচ কৰিবলৈ ইচ্ছুক হ'ব ।