অসম

assam

ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত তথ্যচিত্ৰ প্ৰদৰ্শন - challenges and future of cinema in Assam

তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত অনুষ্ঠিত হৈ যায় তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান(Documentary Exhibition) ৷ যোৱা ১১ আগষ্টৰ দিনা বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগত অনুষ্ঠিত হৈ যায় এই তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান ।

Documentary Exhibition
তেজপুৰ বিশ্ববিদ্যালয়ত তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান

By

Published : Aug 13, 2022, 9:07 AM IST

Updated : Aug 13, 2022, 10:13 AM IST

তেজপুৰ, ১২ আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ (Tezpur University) গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত A Short and Incomplete History of Cinema in Assam শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হয় । তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ (Department of Mass communication and journalism) প্ৰযোজনাত ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰি উলিয়াইছে বিভাগৰ সদ্যপ্ৰাক্তন শিক্ষাৰ্থী অনুভূতি দত্ত, কল্পজ্যোতি ভূঞা, শুভম গোস্বামী আৰু ভায়লিনা লাহনে ।

অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° সুব্ৰতজ্যোতি নেওগে আঁত ধৰা অনুষ্ঠানটোত গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক অভিজিত বৰা, সাংস্কৃতিক অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপিকা ড° মন্দাকিনী বৰুৱাকে প্ৰমুখ্য কৰি অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জুৰী দত্ত, জ্যোতিস্মান দাস, সুশান্ত ৰাজখোৱা আদি উপস্থিত থাকে।

ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত প্ৰথম সবাক চলচ্চিত্ৰ নিৰ্মাণ হোৱাৰ মাত্ৰ চাৰি বছৰ পিছতে গৌৰৱময় অসমত যাত্ৰা আৰম্ভ কৰা চলচ্চিত্ৰ উদ্যোগৰ ৮৭ বছৰীয়া বৈচিত্ৰ্যময় তথা সোণালী যাত্ৰাৰ তথ্যপূৰ্ণ ইতিহাস সামৰি নিৰ্মাণ কৰি উলিওৱা হৈছে A Short and Incomplete History of Cinema in Assam শীৰ্ষক তথ্যচিত্ৰখন।

অসমৰ বহুকেইজন প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, চলচ্চিত্ৰ সমালোচকৰ সাক্ষাৎকাৰ আৰু ভাষ্যক সংৰক্ষিত ভিডিঅ' ফুটেজৰ সৈতে একত্ৰিত কৰি তথ্যচিত্ৰখনে পোনপ্ৰথমবাৰৰ বাবে অসমত চলচ্চিত্ৰৰ সামূহিক যাত্ৰা, ইতিহাস তথা উত্তৰাধিকাৰ, প্ৰত্যাহ্বান আৰু ইয়াৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰা হৈছে(challenges and future of cinema in Assam)। সংৰক্ষণৰ মূল্য থকা উক্ত তথ্যচিত্ৰখনত ড° হীৰেন গোঁহাই, অপূৰ্ব শৰ্মা, জাহ্নু বৰুৱা, নিপন গোস্বামী, মলয়া গোস্বামী, প্ৰাঞ্জল শইকীয়া, সান্ত্বনা বৰদলৈ, উৎপল দত্ত, উৎপল বৰপূজাৰী, মনোজ বৰপূজাৰী, যতীন বৰা, হিমাংশু প্ৰসাদ দাস, ৰীমা দাস, কেনী বসুমতাৰী, মানস ৰবীন, ববী শৰ্মা বৰুৱা, ববিতা শৰ্মা, বিতোপন বৰবৰা, সূৰজ দুৱৰা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ অন্তৰ্ভুক্ত কৰা হৈছে ।

অনুষ্ঠানটোৰ আৰম্ভণিতে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক অভিজিত বৰাই ছাত্ৰ-ছাত্ৰীৰ এনে প্ৰচেষ্টাৰ শলাগ লয় । তেওঁ লগতে কয় যে এনেধৰণৰ ভাল তথ্যচিত্ৰ বা চলচ্চিত্ৰৰ প্ৰদৰ্শনী খুউবেই প্ৰয়োজনীয় আৰু প্ৰাসংগিক । গণসংযোগ আৰু সাংবাদিকতা বিভাগে ভৱিষ্যতেও অসমীয়া বিভাগৰ সৈতে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰিবলৈ পালে নথৈ আনন্দিত হ'ব বুলিও তেওঁ মন্তব্য কৰে।

তথ্যচিত্ৰ প্ৰদৰ্শনীৰ শেষত তথ্যচিত্ৰখন নিৰ্মাণত জড়িত থকা শিক্ষাৰ্থীসকলৰ সৈতে অনুষ্ঠানটোত উপস্থিত থকা অসমীয়া বিভাগৰ শিক্ষাৰ্থীসকলৰ সৈতে দৰ্শকসকলৰ এক মত-বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয় । তথ্যচিত্ৰখন নিৰ্মাণত জড়িত শুভম গোস্বামীয়ে দলৰ হৈ তথ্যচিত্ৰখন নিৰ্মাণত আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমক(Assam film development corporation) বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ।

অনুষ্ঠানৰ শেষত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ সমালোচক ড° সুব্ৰতজ্যোতি নেওগে তথ্যচিত্ৰখনৰ উচ্চ প্ৰশংসা তথা উজ্জ্বল ভৱিষ্যত কামনা কৰি ছাত্ৰ-ছাত্ৰীৰ এনে উচ্চ মানদণ্ডৰ প্ৰচেষ্টাৰ শলাগ লয়ল । ড° নেওগে অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই লগতে বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগে ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি থাকিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় গঁড় দিৱসঃ কাইলৈ মুক্তি পাব কেভিন পিটাৰচেনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ

Last Updated : Aug 13, 2022, 10:13 AM IST

ABOUT THE AUTHOR

...view details